• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2025 7:05 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল ভালপোৱাই নহয়, নাৰীয়ে পুৰুষ সংগীৰ পৰা আৰু আন বহু প্ৰত্যাশা কৰে। কিন্তু তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ বৰ কঠিন হয়। ” অন্তৰ ফাটি গ’লেও মুখ নুফুটে” বুলি কোৱাৰ দৰে – অৰ্থাৎ হাজাৰ কষ্ট হ’লেও অন্তৰৰ গভীৰত লুকাই থকা কথাবোৰ প্ৰকাশ নহ’ব। বৰঞ্চ মহিলাসকলে আশা কৰে যে তেওঁলোকৰ আপোনজনে তেওঁলোকৰ অনুভৱ বুজি পাব।

কিন্তু সমস্যাটো তাতেই নিহিত হৈ আছে। পুৰুষে যুদ্ধ কৰে, ৰাজনীতি কৰে, চন্দ্ৰলৈ ঢাপলি মেলে – কিন্তু এগৰাকী নাৰীৰ মন বুজিবলৈ অপাৰগ হয়। ভালপোৱাৰ বাহিৰেও আপোনাৰ সংগী বা প্ৰেমিকাই মুখেৰে নকলেও আচলতে আপোনাৰ পৰা কি বিচাৰে সেই সম্পৰ্কে আপুনি ইয়াত অলপ সহায় লাভ কৰিব পাৰে। চাওক সবিশেষ।

Apply Now

১)সম্পৰ্কত সন্মান

সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। এগৰাকী মহিলাই এনে এজন সংগীও বিচাৰে যিয়ে তেওঁৰ চিন্তা, মতামত আৰু সিদ্ধান্তক সন্মান কৰে। আৰু সম্পৰ্কত প্ৰেম থাকিলে এনেই পাৰস্পৰিক সন্মান থাকিব, পৃথকে পৃথকে বিচাৰিব নালাগে।

বিশেষকৈ স্বতন্ত্ৰ আৰু স্বাৱলম্বী মহিলাৰ বাবে সম্পৰ্কত সন্মান আৰু মৰ্যাদা পোৱাটো ব্যয়বহুল উপহাৰ পোৱাতকৈ অধিক মূল্যৱান। শৈশৱত পিতৃ-মাতৃৰ পৰা পোৱা উপহাৰৰ দৰেই সংগীৰ পৰা পোৱা সন্মানকো তেওঁলোকে লালন-পালন কৰে।

২) সময়

আজিকালি ব্যস্ত জীৱনত সময় বিচাৰি উলিওৱাটো সঁচাকৈয়ে মানসিক চাপৰ বিষয়। গতিকে সম্পৰ্ক এটাৰ বাবে সময় বিচাৰি নাপালে বিৰক্তি আৰু দূৰত্বৰ সৃষ্টি হ’ব পাৰে। মহিলাসকলে দিনটোৰ শেষত নিজৰ সংগীৰ সৈতে অকলে কিছু সময় কটাব বিচাৰে। তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে বহুত ব্যস্ততাৰ মাজতো তেওঁলোকৰ বাবে কিছু সময় আঁতৰাই ৰাখিব, য’ত কোনো অফিচৰ ফোন, মিটিং বা কোনো ধৰণৰ হুলস্থুল নাথাকিব। তেওঁলোকৰ বুজাবুজি আৰু সম্পৰ্ক গভীৰ কৰিবলৈ সেই সময়ৰ প্ৰয়োজন। কামত ব্যস্ত থাকিলেও তেওঁলোকৰ কাষত থকাৰ অনুভৱ হ’ব।

৩) বন্ধুত্ব

প্ৰতিজন ব্যক্তিক এনে এজন ব্যক্তিৰ প্ৰয়োজন, যাৰ লগত তেওঁলোকে নিঃসংকোচে সকলো কথা পাতিব পাৰে। এগৰাকী মহিলাইও সম্পৰ্কত পুৰুষ সংগীৰ পৰা একেখিনি বস্তু বিচাৰে। বিশ্বাস, আত্মবিশ্বাস আৰু স্বচ্ছতাই সম্পৰ্কত বন্ধুত্ব মজবুত কৰে। সম্পৰ্কৰ আৰম্ভণিৰ সেই হানিমুন পৰ্যায় শেষ হোৱাৰ পিছতো বন্ধুত্বই একমাত্ৰ বস্তু যিটো একেলগে যাত্ৰাৰ শেষলৈকে থাকে।

এগৰাকী নাৰীয়ে নিজৰ চিন্তা, অনুভৱ, ভয়, সপোন, দুখ, মৰম, ভালপোৱা ভাগ-বতৰা কৰিবলৈ সম্পৰ্কত বন্ধুত্বৰ আশা কৰে। মুঠতে মহিলাসকলে আশা কৰে যে তেওঁলোকৰ পুৰুষ সংগীয়ে তেওঁলোকৰ মনটো পঢ়ি বুজি ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd