মাত্ৰ ১ মাহৰ ভিতৰতে দূৰ হ’ব হাওঁফাওঁৰ জটিলতা; মানি চলক এই ঘৰুৱা উপায়সমূহ

প্ৰতিনিধিত্বমূলক ফটো।

ইটোৰ পিছত সিটো বেমাৰত ভুগিছে ​​বহু লোক। কম বয়সতে বিভিন্ন ৰোগে শৰীৰত শিপাইছে। বৃক্কৰ সমস্যাৰ পৰা হৃদৰোগলৈকে। বহুতেই হাওঁফাওঁৰ সমস্যাতো ভুগি আছে। এক অধ্যয়ন অনুসৰি বিশ্বৰ প্ৰায় ৬.৫ কোটি লোক হাওঁফাওঁৰ দীৰ্ঘদিনীয়া সমস্যাত ভুগিছে।

ধূমপান আৰু প্ৰদূষণ হাওঁফাওঁৰ সমস্যাৰ প্ৰধান কাৰণ। এই সমস্যা এবাৰ হ’লে ই বিয়পি পৰাৰ প্ৰৱণতা থাকে। ইয়াৰ বাবে মানি চলাৰ কিছুমান বিশেষ টিপছ আছে। মাত্ৰ ১ মাহৰ ভিতৰতে আপোনাৰ হাওঁফাওঁ পৰিষ্কাৰ হ’ব। কেনেকৈ জানি লওক।

ডিটক্স পানী খালে হাওঁফাওঁ পৰিষ্কাৰ কৰি ৰাখিব পাৰি। যদি আপুনি এই টিপছ ২ৰ পৰা ৩ সপ্তাহ বা এমাহ মানি চলে তেন্তে আপুনি উপকাৰ পাব। হাওঁফাওঁৰ সমস্যাত ভুগি থকা লোকসকলে মৌৰ লগত গৰম পানী খাব পাৰে। একেদৰে নেমুৰ ৰস বা গ্ৰীণ টী, বিলাহীৰ ৰস, হালধী আৰু আদাৰ মিশ্ৰণ বা পালেংশাক আৰু জামুৰ পানীয় নিয়মিতভাৱে খাব লাগে। উপকাৰ পোৱা যায়।

নিমখ থেৰাপিৰ সহায়তো এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। ব্ৰংকাইটিছ আৰু কাহৰ সমস্যা নিমখ থেৰাপিৰ দ্বাৰা দূৰ হ’ব।

অৰেগানো (আজুৱান) তেলৰ গুণতো সমস্যাৰ পৰা মুক্তি পাব। এটা বাটিত সমান পৰিমাণৰ অৰেগানো তেল আৰু আলমণ্ড অইল মিহলাই লওক। জিভাৰ তলত ১ বা ২ টোপাল দিব। ৩ৰ পৰা ৫ মিনিট ৰাখিব। তৎক্ষণাত সকাহ পাব।

হাওঁফাওঁৰ সমস্যাত ভুগি থকা লোকসকলে ষ্টীম বাথ লটলে উপকৃত হ’ব। সপ্তাহত কমেও ৩ বাৰ গৰম পানীৰে গা ধুব। তাপমাত্ৰা ৯০ৰ পৰা ১০৫ ডিগ্ৰী হ’ব লাগে।