NORTHEAST NOW (Assamese)

COP28 মঞ্চত ১২ বছৰীয়া কিশোৰী মণিপুৰৰ লিচিপ্ৰিয়া; কি কাণ্ড কৰিলে ‘ভাৰতীয়’ গ্ৰেটা থুনবাৰ্গে? (চাওক ভিডিঅ’)

December 13, 2023 1:19 pm · এন ই নাও নিউজ, গুৱাহাটী

গ্ৰেটা থানবাৰ্গৰ কথা মনত পেলাই দিলে এগৰাকী ভাৰতীয় কন্যাই। মণিপুৰৰ এগৰাকী ১২ বছৰীয়া জলবায়ু কৰ্মী লিচিপ্ৰিয়া কাংগুজামে ডুবাইত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন ২০২৩ (COP28)ত মঞ্চত উঠি যথেষ্ট আলোড়নৰ সৃষ্টি কৰে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সৰৱ হৈ পৰে লিচিপ্ৰিয়া।

তেওঁৰ হাতত এখন প্লেকাৰ্ড আছিল। তাত লিখা আছিল ‘জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা বন্ধ কৰক। আমাৰ গ্ৰহ আৰু আমাৰ ভৱিষ্যত ৰক্ষা কৰক।’ কণমানি ছোৱালীজনীয়ে কেৱল প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰাই নহয়, আক্ষৰিক অৰ্থত চিঞৰি চিঞৰি জলবায়ু পৰিৱৰ্তনৰ ওপৰত নিজৰ মতামতো ব্যক্ত কৰে।

সন্মিলনত উপস্থিত দৰ্শকে লিচিপ্ৰিয়াক আদৰণি জনায়। তেওঁৰ এই প্ৰতিবাদক হাতচাপৰিৰে সমৰ্থনো কৰে। ছোৱালীজনীয়ে এটা চুটি ভাষণ দিলে। সকলোৱে মনে মনে শুনি থাকিল। দৰ্শকৰ আসন সম্পূৰ্ণ শান্ত আৰু স্তব্ধ হৈ পৰিছিল।

লগতে পঢ়কঃ ৰাষ্ট্ৰসংঘত গাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰতৰ সঁহাৰি; বিৰোধিতা আমেৰিকাৰ

শেহতীয়াকৈ এই বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। য’ত দেখা যায় যে উদ্যোক্তাসকলৰ হৈ এজন ব্যক্তিয়ে লিচিপ্ৰিয়াৰ সৈতে কথা পতাৰ পিছতো ছোৱালীজনীয়ে উচ্চস্বৰে না কৈ থাকে। লিচিপ্ৰিয়াক যেন মঞ্চ এৰি যাবলৈ কোৱা হৈছিল। সেই কথাত তেওঁ মান্তি হোৱা নাছিল। তেতিয়াও তেওঁ ৰাষ্ট্ৰ সংঘৰ মঞ্চৰ পৰা একে ভংগীতে নিজৰ বক্তৱ্য ৰাখি গৈছিল।

COP28 ৰ সঞ্চালক প্ৰধান ৰাষ্ট্ৰদূত মজিদ আল ছুৱেইদীয়ে কিশোৰীগৰাকীৰ উৎসাহ আৰু উদ্দীপনাক প্ৰশংসা কৰে। মঞ্চত থিয় হৈ অনুষ্ঠানত উপস্থিত থকা দৰ্শকক ১২ বছৰীয়া কিশোৰীগৰাকীক অধিক হাতচাপৰিৰে উৎসাহিত কৰাৰ কথাও কয়।

লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে

মণিপুৰৰৰ এই কৰ্মীজনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ ভিডিঅ’টো পোষ্ট কৰে। তেওঁ কয়, ‘এই প্ৰতিবাদৰ পিছতো তেওঁলোকে মোক ৩০ মিনিটতকৈ অধিক সময় আটক কৰি ৰাখিছিল। মোৰ একমাত্ৰ অপৰাধ হ’ল মই ইন্ধনৰ বিৰুদ্ধে মুখামুখি হ’বলৈ ক’লোঁ৷ আজিৰ জলবায়ু সংকটৰ মূল কাৰণ এইটোৱেই। এতিয়া তেওঁলোকে এই বিষয়ত গুৰুত্ব দিয়া নাই। মই COP28 ৰ বাহিৰত থিয় হৈ আছো।’

তাতেই শেষ নহৈ লিচিপ্ৰিয়াই ৰাষ্ট্ৰসংঘৰ মঞ্চত শিশুৰ অধিকাৰো উত্থাপন কৰিছে। তেওঁ কয়, ‘জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মোৰ বেজটো খুলি দিয়াৰ কাৰণ কি? যদি আপুনি সঁচাকৈয়ে জীৱাশ্ম ইন্ধনৰ বিৰুদ্ধে থিয় দিয়ে তেন্তে মোক সমৰ্থন কৰিব লাগিব আৰু মোৰ বেজসমূহ তৎক্ষণাত এৰি দিব লাগিব। ৰাষ্ট্ৰসংঘৰ চৌহদত শিশুৰ অধিকাৰৰ গুৰুতৰ উলংঘা আৰু অপব্যৱহাৰ ৰাষ্ট্ৰসংঘৰ নীতিৰ পৰিপন্থী। ৰাষ্ট্ৰসংঘত মাত মতাৰ মোৰ অধিকাৰ আছে।’

COP28 ত জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ বিতৰ্ক চলি আছে আৰু প্ৰায় ২০০খন দেশে এই সমস্যা সমাধানৰ প্ৰচেষ্টাত যোগদান কৰিছে। ডুবাইত অনুষ্ঠিত হোৱা জলবায়ু সন্মিলনত ১৯০খন দেশৰ ৬০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ১২ বছৰীয়া এই কিশোৰী তাত এগৰাকী বিশেষ দূত।

Related News