5G আহিলে অচল হৈ পৰিব নেকি আপোনাৰ 4G স্মাৰ্টফোন?

what will happen to all 4G phones after the launch of 5G network দেশত 5G নিলাম সমাপ্ত হোৱাৰ কেইদিনমানৰ ভিতৰতে বিভিন্ন কোম্পানীয়ে নেটৱৰ্ক মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আৰম্ভ কৰিছে। এই মাহতে দেশত 5G সেৱা আৰম্ভ হ’ব। 5G নেটৱৰ্কত আপুনি 4G তকৈ অধিক স্পীড লাভ কৰিব।

কিন্তু প্ৰশ্ন হৈছে যেতিয়া 5G নেটৱৰ্ক আৰম্ভ হ’ব তেতিয়া আপোনাৰ পুৰণি 4G স্মাৰ্টফোনটো অচল হৈ পৰিব নেকি? সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত এই প্ৰশ্নটোকলৈ চৰ্চা আৰম্ভ হৈছে।

ভাৰতত সম্প্ৰতি 5G স্পেকট্ৰাম নিলাম সমাপ্ত হৈছেহে। কেন্দ্ৰই এই নিলামৰ পৰা প্ৰায় ১.৫ লাখ কোটি টকা সংগ্ৰহ কৰিছে। এই স্বত্ত্ব ২০ বছৰৰ বাবে বিক্ৰী কৰা হৈছে। এয়াৰটেলে 5G স্পেকট্ৰাম নিলামত প্ৰায় ৪৩,০৮৪ কোটি টকা ব্যয় কৰিছে।

অৱশ্যে, কেৱল এয়াৰটেলেই নহয়, 5G স্পেকট্ৰাম নিলামত অংশগ্ৰহণ কৰিছিল ৰিলায়েন্স জিঅ’ আৰু ভোডাফোন আইডিয়াই । জিঅ’ই এই নিলামত ৮৮,০৭৮ কোটি টকা ব্যয় কৰিছে। আনহাতে, ভোডাফোনে ব্যয় কৰিছে ১৮,৭৯৯ কোটি টকা। প্ৰথম পৰ্যায়ত দেশৰ ১৩খন চহৰত 5G সেৱা আৰম্ভ কৰা হৈছে।

5G নেটৱৰ্কৰ আগতে 4G, 3G, 2G কেইবাটাও নেটৱৰ্ক অনা হৈছিল। আনকি 4G নেটৱৰ্ক আৰম্ভ হোৱাৰ পাছতো 2G আৰু 3G নেটৱৰ্ক আগৰ দৰে চলি আছে। এতিয়াও জিঅ’ৰ বাহিৰে সকলো কোম্পানীয়ে 2G সেৱা চলাই আছে।

দেশৰ বহু সংখ্যক গ্ৰাহকে এতিয়াও 2G ফিচাৰ ফোন ব্যৱহাৰ কৰে। এই সকল গ্ৰাহক 2G নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, 4G নেটৱৰ্ক এতিয়াও দেশৰ সকলো ঠাইত উপনীত হোৱা নাই। সেই ঠাইবোৰত এতিয়াও গ্ৰাহকৰ ভৰসা 2G নেটৱৰ্ক।

কিন্তু 5G মুকলি হোৱাৰ পিছত ছবিখন সলনি হ’ব নেকি? সকলো কোম্পানীয়ে জনাইছে যে 5G সেৱা আৰম্ভ হ’লেও 4G নেটৱৰ্ক আগৰ দৰেই চলি থাকিব। অৰ্থাৎ পুৰণি 5G আহিলেও 4G স্মাৰ্টফোনটো আগৰ দৰে ব্যৱহাৰ কৰিব পৰা যাব।

অৱশ্যে বৰ্তমান দেশৰ কেইখনমান মুখ্য চহৰৰ নিৰ্বাচিত এলেকাতহা 5G সেৱা আৰম্ভ কৰা হৈছে। দেশৰ গ্ৰাম্যাঞ্চলত এই নেটৱৰ্ক আৰম্ভ হ’বলৈ এতিয়াও কেইবা বছৰো লাগি যাব।

ইপিনে, সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে যে 5G নেটৱৰ্ক মুকলি হোৱাৰ পিছত 4Gৰ স্পীড ইমান কমি যাব যে ইয়াক ব্যৱহাৰ কৰাটো প্ৰায় সমস্যা হৈ দেখা দিব। কিন্তু এনে বাতৰিৰ কোনো সত্যতা নাই। 4G নেটৱৰ্কে আগৰ দৰে একে স্পীডত কাম কৰিব। সেয়ে আপুনি আপোনাৰ 4G ফোন ব্যৱহাৰ কৰা অব্যাহত ৰাখিব পাৰে। অৱশ্যে 5G নেটৱৰ্ক ব্যৱহাৰ কৰিবলৈ ফোনত 5G ছাপোৰ্ট থকাটো বাধ্যতামূলক।