NORTHEAST NOW (Assamese)

জন্ম হ’ল ‘কোচ ৰাজবংশী জাতীয় পৰিষদ ‘নামেৰে নতুন সংগঠনৰ

October 12, 2021 7:49 pm · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় অস্তিত্বৰ এই সংকটাপূৰ্ণ মুহুৰ্তত জনগোষ্ঠীটোৰ বহুধাবিভক্ত কোচ ৰাজবংশী জাতীয় সংগঠনক একত্ৰিত কৰি এখন মঞ্চত উপনীত কৰাৰ বাবে বঙাইগাঁও চহৰৰ পাব্লিক লাইব্ৰেৰীত কোচ ৰাজবংশী জনগোষ্ঠীৰ সন্মিলিত জাতীয় অভিৱৰ্তন এখন অনুষ্ঠিত হয় ৷

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাণজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলিত জাতীয় অভিৱৰ্তনৰ উদ্দেশ্য বাখ্যা কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আন এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক হৰমোহন মেধিয়ে ।

অভিৱৰ্তনত কোচ ৰাজবংশী জাতীয় মঞ্চ, কোচ ৰাজবংশী সন্মিলনী, বিটিচি কোচ ৰাজবংশী সন্মিলনী, অৰুণ ৰায় নেতৃত্বাধীন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী জাতীয় মহাসভা, কমতাপুৰ পিপুলচ্‌ এছোচিয়েচন, কোচ ৰাজবংশী টেৰিটৰিয়েল কাউঞ্চিল আৰু বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱিৰ উপস্থিতত কোচ ৰাজবংশী সকলোৰ বৰ্তমানৰ সংকটাময় অৱস্থাৰ বিষয়ে পৰ্যালোচনা কৰি কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অনুসূচীত জনজাতিকৰণৰ আন্দোলন আগুৱাই নিয়াৰ স্বাৰ্থত ‘কোচ ৰাজবংশী জাতীয় পৰিষদ’ নামেৰে এটা নতুন সংগঠনৰ জন্ম দিয়ে।

নতুনকৈ গঠন হোৱা সংগঠনটোৰ সভাপতি হিচাপে আক্ৰাছুৰ প্ৰতিষ্ঠাপক উপদেষ্টা বিমল কুমাৰ বৰ্মনক সভাপতি, আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৰমোহন মেধিক কাৰ্যকৰী সভাপতি, নিৰেণ ৰায়, উমা কান্ত পাঠক, ধৰ্মেশ্বৰ ৰায়ক উপ সভাপতি, বিশ্বজিৎ ৰায়ক সাধাৰণ সম্পাদক, নিভাশ চৌধুৰী, জগন্নাথ ৰায় আৰু ভূপেন ৰায়ক সহকাৰী সাধাৰণ সম্পাদক, নিখিল ৰায় আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ৰমলা ৰায় সৰকাৰক প্ৰচাৰ সম্পাদক, সত্যনাৰায়ণ ৰায় আৰু আন্তঃৰাষ্ট্ৰীয় কৃতী খেলুৱৈ পূৰ্ণিমা চৌধুৰীক শিক্ষা আৰু সাংস্কৃতিক সম্পাদক তথা উপদেষ্টা হিচাপে সতীশ পাটগিৰী, প্ৰাণজিৎ ৰায়, চত্ৰ সিংহ, অনিল সিং আৰু ধৰ্মেশ্বৰ বৰুৱাক নিৰ্বাচিত কৰি ৩১ জনীয়া কেন্দ্ৰীয় কমিটিখন গঠন কৰা হয় ৷

ইপিনে এক বিবৃতিত কোচ ৰাজবংশী জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি বিমল কুমাৰ বৰ্মন, কাৰ্যকৰী সভাপতি হৰমোহন মেধি আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে অসম আৰু কমতাপুৰ বাসীলৈ শাৰদীয় দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু কালি পূজাৰ শুভেচ্ছা জনাই কোচ ৰাজবংশী জাতীয় পৰিষদলৈ পূৰ্ণ সহযোগ কামনা কৰে ।

অভিৱৰ্তনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়, বিটিচি সন্মিলনীৰ উপদেষ্টা নিৰেণ ৰায়, আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি দাস, প্ৰচাৰ সম্পাদক হিতেশ ৰায়, উপদেষ্টা সতীশ পাটগিৰী আদিয়ে উপস্থিত থাকি বক্তব্য ৰাখে বুলিও উল্লেখ কৰে ৷

Related News