NORTHEAST NOW (Assamese)

কোকিলাৰ গোলাপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

August 7, 2020 3:29 pm · ইয়াছিন আলী
ফটো : নৰ্থ-ইষ্ট নাও

অসহ্য গৰমৰ মাজতে অনিয়মীয়া বিদ্যুত কৰ্তনৰ বাবে অতিষ্ঠ হৈ পৰিছে বঙাইগাঁও জিলাৰ গোলাপাৰাবাসী ৰাইজ।

অঞ্চসটোৰ অতিষ্ঠ ৰাইজে আজি বিজনী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত গোলাপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে প্ৰচণ্ড গৰমৰ মাজত দিনটোৰ ঘন্টাৰ পিছত ঘন্টা বিদ্যুৎ নথকাৰ লগতে অতিৰিক্ত হাৰত বিদ্যুৎ মাচুল লোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ২৪ ঘন্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ বুলি মন্তব্য কৰে ৰাইজে।

শক্তি মন্ত্ৰীক শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ  পৰা বাহিৰলৈ ওলাই আহি এটা দিন গাঁৱলীয়া ঠাইত কটাবলৈ প্ৰতিবাদকাৰী সকলে আহ্বান জনায়।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, শক্তি মন্ত্ৰী হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Related News