বৃহস্পতিবাৰে নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তিনিজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ হয়।
হৰিণাৰ মাংস বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে চিকাৰী তিনিজনক কৰায়ত্ত কৰে বন কৰ্মীৰ দলে।
চিকাৰী তিনিজনক ক্ৰমে তাহেব আলী, চাইদুল ইছলাম আৰু আব্দুল হুছেইন বুলি জানিব পৰা গৈছে।
বন কৰ্মীৰ পৰা জানিব পৰা মতে, অলপতে হৈ যোৱা বিধ্ংসী বানত দুটা হৰিণা উদ্যানলৈ উটি আহিছিল। পিছত হৰিণা দুটাক উদ্যান কৰ্তৃপক্ষই আশ্ৰয় দিয়াৰ লগতে সুৰক্ষা প্ৰদান কৰে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা অধিক হোৱা বাবে হৰিণা দুটাক উদ্যান কৰ্তৃপক্ষই সাৱধানতাৰে ৰাখে।
কিন্তু বৃহস্পতিবাৰে নিশা চোৰাং চিকাৰীৰ দলটোই উদ্যানত প্ৰৱেশ কৰি এটা হৰিণাক হত্যা কৰি লৈ যায়।
এই ঘটনাৰ পিছতে বন কৰ্মীৰ দলে চোৰাং চিকাৰীৰ দলটোক কৰায়ত্ত কৰাৰ বাবে অভিযান চলাই আৰু সফলো হয়।