NORTHEAST NOW (Assamese)

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

July 22, 2025 3:03 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে কোকৰাঝাৰত হাজাৰ হাজাৰ আদিবাসী পুৰুষ-মহিলা একত্ৰিত হৈ চৰকাৰক আনুষ্ঠানিকভাৱে অনুসূচিত জনজাতি (এছটি) হিচাপে স্বীকৃতি দি ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনায়। কোকৰাঝাৰৰ শিশু উদ্যানত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

“নাই এছ টি, নাই জিৰণি”, “আদিবাসীক মাটিৰ পট্টা দিয়ক” আৰু “ইউ পি পি এল চৰকাৰ উভতি যাওক” আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে নিজৰ অধিকাৰ তথা ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া অৱহেলাক লৈ ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰী সকলে তিনিটা মূল দাবী উত্থাপন কৰিছিল…

১/ অসমত আদিবাসীক অনুসূচিত জনজাতি হিচাপে আনুষ্ঠানিক স্বীকৃতি।

২) আদিবাসী পৰিয়ালক ভূমিৰ মালিকীস্বত্বৰ অধিকাৰ (ভূমি পট্টা বুলি কোৱা হয়) বিতৰণ।

৩) জনজাতি জনগোষ্ঠীক সামাজিক আৰু অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি।

বিক্ষোভৰ অন্তত আছাৰ নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব ৰবি কোটা আৰু অসমৰ ৰাজ্যপাললৈ পাঁচ দফাৰ স্মাৰক প্ৰদান কৰে। তেওঁলোকে নিজৰ পুৰণি দাবী পুনৰ উত্থাপন কৰি তেওঁলোকৰ ওপৰত কৰা অন্যায় দূৰ কৰিবলৈ চৰকাৰক তাৎক্ষণিক পৰিৱৰ্তন কৰিবলৈ আহ্বান জনায়। এই সমস্যাসমূহ সমাধান নকৰিলে আছাৰ নেতাসকলে ৰাজ্যজুৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে।

Related News