ক’ৰ’না ভাইৰাছ : কোকৰাঝাৰত ধৰ্মীয় সংগঠনসমূহৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

IMG-20200406-WA0081

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ তথা ইয়াৰ পৰা হাত সাৰি থাকিবলৈ জনসাধাৰণৰ মাজত  সতৰ্কতা আৰু সজাগতা বৃদ্ধিৰ বাবে ধৰ্মীয় তথা সামাজিক সংগঠন সমূহৰ নেতা তথা প্ৰধানসকলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কোকৰাঝাৰ জিলা প্ৰশাসনে।

আজি এই সম্পৰ্কে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মাল্টিপাৰপাজ স্কুলৰ খেলপথাৰত ধৰ্মীয় তথা বিভিন্ন সমাজিক সংগঠনৰ সৈতে জিলা প্ৰশাসনে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।

সভাত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, আৰক্ষী অধীক্ষক ৰাকেশ ৰোছন চক্ৰ বিষয়া দিপন বৰ্মনৰ লগতে সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে।

সভাত উপায়ুক্তগৰাকীয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত ধৰ্মীয় নেতা আৰু সংগঠন সমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল‍‘ব লাগে মন্তব্য কৰে।

উপায়ুক্তগৰাকীয়ে লগতে তেওঁলোকৰ অনুৰাগীসকলক ধৰ্মীয় সভা আয়োজন কৰাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাই আৰু ক‍’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সকলোকে যাতে সামাজিক দূৰত্ব বজাই ৰাখে সেই বিষয়েও সজাগ কৰিবলৈ আহ্বান জনায়।

ইফালে জিলা প্ৰশাসনৰ এই আহ্বানক সহাৰি জনাই ধৰ্মীয় সংগঠন তথা সামাজিক সংগঠন সমূহৰ নেতাসকলে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ এই যুঁজখনত সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়াব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ব্যাপক জনসমাগম হ’ব পৰা ধৰ্মীয় অনুষ্ঠানৰ ঠাইসমূহ বন্ধ কৰি দিয়া বুলিও তেওঁলোকে জনায়।