মনেশ্বৰ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰ বন্ধ পালন; ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত

Assam Bandh

প্ৰতিনিধিত্বমূলক চিত্ৰ

জম্মু-কাশ্মীৰৰ পুলৱামাত জেইছ-এ-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলিৰূপে কনফে’ডাৰে’শ্যন অব অল ইণ্ডিয়া ট্রে’ডাৰ্ছে আজি আহ্বান জনোৱা ভাৰত বন্ধৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাত ২৪ ঘণ্টাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানত বন্ধৰ আহ্বান দিছে জিলাখনৰ ব্যৱসায়ী সন্থাই।

আজি পুৱা ৫ বজাৰ পৰাই বন্ধ আছে জিলাখনৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান। ব্যৱসায়ী সন্থাই ইয়াক ঘটনাটোত নিহত হোৱা চহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি হিচাপে গ্ৰহণ কৰিছে।

সৰ্বভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ প্ৰভাৱ ৰাজ্যত সীমিত

ইপিনে কনফে’ডাৰে’শ্যন অব অল ইণ্ডিয়া ট্রে’ডাৰ্ছ (Confederation of All India Traders)-এ জনোৱা বন্ধৰ আহ্বান সীমিত ৰূপতহে পালন কৰা দেখা গৈছে ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে। গুৱাহাটী মহানগৰীত কিছু সংখ্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছে যদিও কিছুমান খোলা আছে। জু তিনি আলিত কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ সমৰ্থকে জোৰ কৰি বন্ধ কৰোৱাৰ বাতৰি আহিছে।

উল্লেখযোগ্য যে বন্ধক সমৰ্থন কৰা অসম চে’ম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ, অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ১৭ ফেব্ৰুৱাৰিত এই বন্ধ পালন কৰিবলৈ সকলোলৈ আহ্বান জনাইছিল।