NORTHEAST NOW (Assamese)

বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াই, উমৈহতীয়া প্ৰাৰ্থী ঘোষণা

March 12, 2020 5:22 pm · দীপজ্যোতি শৰ্মা
নৱ শৰণীয়াৰ সংবাদমেল, বৃহস্পতিবাৰে।

কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বি টি চি পৰিষদীয় নিৰ্বাচনত অংশ ল’ব৷

সাংসদগৰাকীয়ে  গৈবাৰি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

সূত্ৰ অনুসৰি সাংসদ নৱ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব লগা সমষ্টিটোত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱেও প্ৰাৰ্থিত্ব আগবঢ়াব।

৪ এপ্ৰিলত হ’ব লগা নিৰ্বাচনটোৰ বাবে সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ, অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টি়য়ে যৌথভাৱে ১৮ জন প্ৰাৰ্থী আগবঢ়াব।

আনহাতে সংগঠনকেইটাই নৱ শৰণীয়াক প্ৰক্ষেপ কৰিছে বিটিচি প্ৰধান হিচাপে।

দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত শৰণীয়াকে ধৰি সংগঠনকেইটাৰ নেতৃত্বই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

সংবাদমেলত সাংসদ নৱ শৰণীয়াই কয় যে তেওঁলোকে বহুকেইগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিব।

তেওঁ লগতে কয় যে বিজেপিয়ে অকল তেওঁক ৰুধিবলৈকে নিৰ্বাচনত অৱত্তীৰ্ণ হ’ব৷

Related News