দিল্লীৰ নিজামুদ্দিনলৈ গৈছিল সাংসদ নৱ শৰণীয়া; উভতি আহি বহু ৰাজনৈতিক সভাত অংশগ্ৰহণ

দিল্লীৰ নিজামুদ্দিন জামাতত অসমৰ পৰা গৈ অংশগ্ৰহণ কৰা লোকসকলৰ জৰিয়তে ৰাজ্যত ক’ৰ’না ভাইৰাছৰ অধিক সংক্ৰমণ হ’ব পাৰে বুলি সমগ্ৰ ৰাজ্য আতংকিত হৈ থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নিজামুদ্দিনলৈ যোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তালিকাত সাংসদ শৰণীয়াৰ জিঅ’ নম্বৰটো প্ৰকাশ পোৱাৰ পিছতে ফেইচবুক যোগে ভিডিঅ’ আপলোড কৰি নিজামুদ্দিনলৈ যোৱাৰ কথা স্বীকাৰ কৰে শৰণীয়াই।

বিগত ১৪ মাৰ্চৰ দিনা পূৱ নিজামুদ্দিনলৈ গৈছিল নৱ কুমাৰ শৰণীয়া।

অৱশ্যে, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা নাছিল বুলি শৰণীয়াই উল্লেখ কৰাৰ লগতে তেওঁৰ এজন সতীৰ্থক সাক্ষাৎ কৰিবলৈহে নিজামুদ্দিনলৈ গৈছিল বুলি কয়।

‘‘তাত আচলতে ধৰ্মীয় অনুষ্ঠান বুলি নহয়, উক্ত দিনকেইটাত অসমৰ যিসকল লোক তালৈ গৈছিল সকলোৰে নাম বা ফোন নম্বৰ আহিছে। ১৪ মাৰ্চৰ দিনা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত পূৱ নিজামুদ্দিনৰ সতীৰ্থ হুজেইল আহমেদক মই লগ কৰিব গৈছিলো। সেইকাৰণে টেপত মোৰ ফোন নম্বৰটো আহিছে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব যোৱা নাছিলো,’’ শৰণীয়াই এইদৰে কয়।

শৰণীয়াই এইদৰে কলেও তেওঁ লগ ধৰিবলৈ যোৱা সতীৰ্থ গৰাকীয়ে জামাতত অংশ লৈছিল নে নাই সেই তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই আৰু যদিহে কিবা কাৰণত লৈছিল তেন্তে ই হয়তো আৰু অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে অনাগত দিনত।

ইপিনে, ৰাজ্য চৰকাৰক দিবলগীয়া প্ৰতিবেদন খিনি দিয়া বুলি শৰণীয়াই দাবী কৰে।

‘‘মোৰ অনুমান নিজামুদ্দিনলৈ যোৱা যি ২৪০ টা ফোন নম্বৰ দিছে, তাত ভিতৰত বেলেগ কাৰণটো নিজামুদ্দিনলৈ লোক যাব পাৰে, ধৰ্মীয় অনুষ্ঠান বুলি নহয়,” শৰণীয়াই লগতে কয়।

উল্লেখযোগ্য যে, ১৪ মাৰ্চৰ পাছত বিটিআৰৰ বহু অঞ্চলত ২১ মাৰ্চলৈকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল নৱ শৰণীয়াই।

মূলত বিটিআৰ অঞ্চলত থকা ধৰ্মীয় সংখ্যালঘু সকলৰ ভোটাৰ সকলক আকৰ্ষণ কৰাৰ বাবেই হয়টো গোপন ৰাজনৈতিক উদ্দেশ্য লৈ শৰণীয়াই নিজামুদ্দিনলৈ গৈছিল।

উল্লেখযোগ্য যে, দিল্লীৰ নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰা লোক সকলৰ বৰ্তমানলৈ মুঠ ৯৩ গৰাকী লোকক ক’ৰ’না পজিটিভ পোৱা গৈছে। লগতে নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে।