• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ নিজামুদ্দিনলৈ গৈছিল সাংসদ নৱ শৰণীয়া; উভতি আহি বহু ৰাজনৈতিক সভাত অংশগ্ৰহণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 1, 2020 9:09 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নিজামুদ্দিন জামাতত অসমৰ পৰা গৈ অংশগ্ৰহণ কৰা লোকসকলৰ জৰিয়তে ৰাজ্যত ক’ৰ’না ভাইৰাছৰ অধিক সংক্ৰমণ হ’ব পাৰে বুলি সমগ্ৰ ৰাজ্য আতংকিত হৈ থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নিজামুদ্দিনলৈ যোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তালিকাত সাংসদ শৰণীয়াৰ জিঅ’ নম্বৰটো প্ৰকাশ পোৱাৰ পিছতে ফেইচবুক যোগে ভিডিঅ’ আপলোড কৰি নিজামুদ্দিনলৈ যোৱাৰ কথা স্বীকাৰ কৰে শৰণীয়াই।

Apply Now

বিগত ১৪ মাৰ্চৰ দিনা পূৱ নিজামুদ্দিনলৈ গৈছিল নৱ কুমাৰ শৰণীয়া।

অৱশ্যে, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা নাছিল বুলি শৰণীয়াই উল্লেখ কৰাৰ লগতে তেওঁৰ এজন সতীৰ্থক সাক্ষাৎ কৰিবলৈহে নিজামুদ্দিনলৈ গৈছিল বুলি কয়।

‘‘তাত আচলতে ধৰ্মীয় অনুষ্ঠান বুলি নহয়, উক্ত দিনকেইটাত অসমৰ যিসকল লোক তালৈ গৈছিল সকলোৰে নাম বা ফোন নম্বৰ আহিছে। ১৪ মাৰ্চৰ দিনা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত পূৱ নিজামুদ্দিনৰ সতীৰ্থ হুজেইল আহমেদক মই লগ কৰিব গৈছিলো। সেইকাৰণে টেপত মোৰ ফোন নম্বৰটো আহিছে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব যোৱা নাছিলো,’’ শৰণীয়াই এইদৰে কয়।

শৰণীয়াই এইদৰে কলেও তেওঁ লগ ধৰিবলৈ যোৱা সতীৰ্থ গৰাকীয়ে জামাতত অংশ লৈছিল নে নাই সেই তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই আৰু যদিহে কিবা কাৰণত লৈছিল তেন্তে ই হয়তো আৰু অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে অনাগত দিনত।

ইপিনে, ৰাজ্য চৰকাৰক দিবলগীয়া প্ৰতিবেদন খিনি দিয়া বুলি শৰণীয়াই দাবী কৰে।

‘‘মোৰ অনুমান নিজামুদ্দিনলৈ যোৱা যি ২৪০ টা ফোন নম্বৰ দিছে, তাত ভিতৰত বেলেগ কাৰণটো নিজামুদ্দিনলৈ লোক যাব পাৰে, ধৰ্মীয় অনুষ্ঠান বুলি নহয়,” শৰণীয়াই লগতে কয়।

উল্লেখযোগ্য যে, ১৪ মাৰ্চৰ পাছত বিটিআৰৰ বহু অঞ্চলত ২১ মাৰ্চলৈকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল নৱ শৰণীয়াই।

মূলত বিটিআৰ অঞ্চলত থকা ধৰ্মীয় সংখ্যালঘু সকলৰ ভোটাৰ সকলক আকৰ্ষণ কৰাৰ বাবেই হয়টো গোপন ৰাজনৈতিক উদ্দেশ্য লৈ শৰণীয়াই নিজামুদ্দিনলৈ গৈছিল।

উল্লেখযোগ্য যে, দিল্লীৰ নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰা লোক সকলৰ বৰ্তমানলৈ মুঠ ৯৩ গৰাকী লোকক ক’ৰ’না পজিটিভ পোৱা গৈছে। লগতে নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd