অবড়োৰ আৰ্মি গঠন কৰিব কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই

Kokrajhar MP Sarania to mould Non-Bodo army in Assam's BTAD

মঙলবাৰে সংবাদমেলত নৱ শৰণীয়া। ছবি- নৰ্থ ইষ্ট নাও।

কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই গঠন কৰিব অবড়োৰ আৰ্মি।

গুৱাহাটীত মঙলবাৰে এই কথা ঘোষণা কৰিছে সাংসদগৰাকীয়ে।

অহা ছেপ্তেম্বৰৰ ভিতৰত বি টি এ দিকেন্দ্ৰিক এই আৰ্মি গঠন কৰা হ’ব, শৰণীয়াই জনায়।

সাংসদগৰাকীৰ মতে, এই আৰ্মিৰ উদ্দেশ্য হৈছে বি টি এ দিত অবড়োৰ “অধিকাৰ সুৰক্ষা”।

“অবড়োসকলৰ অৰ্থনৈতিক অধিকাৰ, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে এই আৰ্মি গঠন কৰা হ’ব,” অবড়ো সুৰক্ষা আন্দোলনৰ নেতৃবৃন্দৰ উপস্থিতিত এই মন্তব্য শৰণীয়াৰ।

প্ৰাক্তন আলফা নেতাগৰাকীয়ে অৱশ্যে জনায় যে এই আৰ্মি সশস্ত্ৰ নহ’ব, কিন্তু প্ৰত্যাক্ৰমণৰ বাবে উন্মুক্ত থাকিব।

“এই আৰ্মি সশস্ত্ৰ নহ’লেও কোনো অবড়োক আক্ৰমণ কৰিলে সশস্ত্ৰ বাহিনীক প্ৰতিহত কৰাৰ বাবে এই আৰ্মি সষ্টম থাকিব,” তেওঁ কয়।

বি টি চি বিষয়টো কেৱল “ৰাজনৈতিকভাৱেহে” সমাধান কৰিব পাৰি বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

“পৃথক বড়োলেণ্ড” সন্দৰ্ভতো শৰণীয়াই পূৰ্বৰ স্থিতিকে দোহাৰিছে।

“বিজেপি চৰকাৰে বি পি এফৰ কথাত বা অসম বিদ্ৰোহী বিশ্বজিত দৈমাৰীৰ কথা শুনি যদি তেনে সিদ্ধান্ত লয়, তেন্তে অবড়ো সুৰক্ষা সমিতি বহি নাথাকে,” পৃথক বড়োলেণ্ডৰ পক্ষপাতি নহওঁ বুলি উল্লেখ কৰি তেওঁ কয়।

তেওঁ কয় যে অসমৰ পুনৰ খণ্ডিতকৰণে ইয়াৰ ভাষা-সংস্কৃতি-ঐক্য সকলো শেষ কৰিব।

“অবড়ো সুৰক্ষা সমিতিয়ে ষষ্ঠ অনুসূচী শেষ কৰি দিবলৈ কেতিয়াও কোৱা নাই। ঠিক সেইদৰে অবড়োসকলৰো অধিকাৰ সুৰক্ষিত কৰিব লাগিব,” তেওঁৰ মন্তব্য।

এই পটভূমিত বি টি চি নিৰ্বাচনত “আমি” গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।

কোকৰাঝাৰৰ দুবাৰৰ সাংসদ শৰণীয়াই কয় যে আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফ-বিজেপি ধূলিস্যাৎ হ’ব।

“এইবাৰ কাউন্সিল দখল কৰিমেই আমি। ৪০খনৰ ৩৫খন আসনেই আমি দখল কৰিম। বি পি এফ আৰু ইউ পি পি এল লগ লাগিলেও শংকিত নহওঁ,” তেওঁ কয়।

দেশৰ ৫৪২ টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰত অতিকৈ কঠিন নিৰ্বাচন হৈছিল, শৰণীয়াই কয়। “সকলোৱে মোক হৰুৱাবলে চেষ্টা কৰিছিল যদিও সফল নহ’ল।”

আনহাতে, চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছৰ পৰিস্থিতিৰ বাবে সাংসদ শৰণীয়া আৰু অবড়ো সুৰক্ষা সমিতি সাজু বুলি তেওঁলোকে সংবাদমেলত প্ৰকাশ কৰে।

কোনো স্বদেশী লোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহ’লে তেওঁলোকে সেইসকলক “আইনগতভাৱে” সহায় কৰা হ’ব বুলি সদৰী কৰিছে। “সাংসদ হিচাপে দায়িত্ব আছে,” তেওঁ কয়।

দৰকাৰ হ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৫০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব আৰু তেওঁলোকে নাম বাদ পৰাসকলক আবেদন পূৰণ কৰাত সহায় কৰিব।

পাঠশালাৰ গৌৰীপুৰত তেওঁৰ কনভয়ত পাথৰ নিক্ষেপৰ ঘটনাটো “পৰিকল্পিত” বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে।