কোকৰাঝাৰৰ যুৱতী হত্যাকাণ্ড : শীঘ্ৰে হত্যাকাৰীক আটক কৰাৰ দাবী দল-সংগঠনৰ

622229-murder-case-110417-1-570x320-750x375

প্ৰতিনিধিত্বমূলক ফটো

কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ এখন ধাননি পথাৰত যোৱা ২৭ অক্টোবৰত এগৰাকী ছাত্ৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এইপৰ্যন্ত চাঞ্চল্য অব্যাহত আছে।

হত্যাকাণ্ডৰ পিছতে মৃতকৰ ঘৰত বি টি চিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ হত্যাৰ আঁৰত দুষ্কৃতিকাৰীৰ হাত থকা বুলি সন্দেহ প্ৰকাশ কৰি শীঘ্ৰে ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব বুলি বুলিও আশা প্ৰকাশ কৰে।

আনহাতে বি টি চি নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক তপন নাথে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ প্ৰশাসনক এসপ্তাহৰ সময়সীমা বান্ধি দি এসপ্তাহৰ ভিতৰত কৰায়ত্ত কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে।

জানিব পৰা মতে ছাত্ৰীগৰাকীৰ বিয়াবাৰুৰ কথা চলি আছিল আৰু অহা সোমবাৰে দৰাঘৰে তেওঁক চাব অহাৰ কথা আছিল।

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি সদৰি কৰি তদন্তৰ অন্তত হে বিষয়টো পৰিষ্কাৰ হব বুলি মন্তব্য কৰে।

আজি নিহত যুৱতী গৰাকীৰ ঘৰত বিজেপি, বি পি এফ, এবছু, আক্ৰাছু, নাথ-যোগী ছাত্ৰ সন্থা, যুদ্ধবিৰত আলফাকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে হত্যাকাৰীক আটক কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।

উল্লেখযোগ্য যে ২৬ অক্টোবৰত গেন্দ্ৰাবিলত লক্ষ্মী পুজাৰ মেলা চাবলৈ ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ থকাৰ পিছতে কালি সন্ধিয়া ধাননি পথাৰত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল।