NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ দাওলাবাৰী চাহ বাগানত শুই থকা গিৰীয়েকক ডিঙি ৰেপি হত্যা পত্নীৰ

September 2, 2018 7:26 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰৰ দাওলাবাৰী চাহ বাগানত দেওবাৰে পুৱা পঞ্চি বেক নামৰ এগৰাকী মহিলাই শুই থকা অৱস্থাত গিৰীয়েক এতৱা বেকক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে।

গিৰীয়েকে মদ খাই প্ৰায়ে মাৰ ধৰ কৰাত অতিষ্ঠ হৈয়ে বেকক হত্যা কৰা বুলি ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে দুটি কণমানিৰ মাতৃ মহিলাগৰাকীয়ে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা ১০ বজাত ঘটনাটো সংঘটিত হয়।

ঘটনাটোৰ বিষয়ে অৱগত হৈ আৰক্ষীয়ে মহিলাগৰাকীক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি আনে। ‘আমি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁ গিৰীয়েকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে,’ জনালে কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বি বসুমতাৰীয়ে।

হত্যাকাৰী মহিলাগৰাকীয়ে জনোৱা মতে মদাহী গিৰীয়েক দেওবাৰে পুৱাও নিচাগ্ৰস্ত অৱস্থাত ঘৰ সোমাইছিলহি আৰু শুবলৈ যোৱাৰ আগতে তেওঁক মাৰধৰ কৰিছিল।

পত্নী-পতিহালৰ ৯ আৰু ৫ বছৰীয়া দুটি সন্তান আছে।

Related News