• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত মিষ্টাৰ এণ্ড মিছ পাৰফেক্টচনিষ্ট-জি টাউন প্ৰতিযোগিতা : সৌন্দৰ্যৰ ক্ষেত্ৰখনলৈ ওলাই আহিল বহু নৱাগত

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , September 2, 2018 7:15 pm

2 min read

FashionShow

মিষ্টাৰ এণ্ড মিছ পাৰফেক্টচনিষ্ট-জি টাউন’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাৰ অডিচনত ভাগ লোৱা একাংশ।

150
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত দেওবাৰৰ পৰা আৰম্ভ হৈছে ‘মিষ্টাৰ এণ্ড মিছ পাৰফেক্টচনিষ্ট-জি টাউন’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাৰ অডিচন। অনুষা কলাকেন্দ্ৰ নামৰ অনুষ্ঠানটোৰ উদ্যোগত গণেশগুৰিস্থিত হোটেল কল্যাণীজত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগ বাঢ়ি আহিল অসমৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক শিশু, চেমনীয়া আৰু যুৱক-যুৱতী।

উল্লেখ্য যে, মিছ পাৰফেক্টচনিষ্ট-জি টাউনৰ চূড়ান্ত প্ৰতিযোগিতা অহা ১০ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

শিশু (কিড‌ছ), মিষ্টাৰ আৰু মিছ এই তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাটোৰ বাবে ছেপ্তেম্বৰ মাহৰ প্ৰতি দেওবাৰে অডিচন অনুষ্ঠিত হ’ব বুলি অনুষ্ঠানটিৰ পৰিচালক চাৰুল হুছেইনে জানিবলৈ দিয়ে।

তেওঁ কয়, “এয়া কেৱল সৌন্দৰ্য প্ৰতিযোগিতাই নহয়, ইয়াৰ দ্বাৰা শিশুৰ লগতে যুৱক-যুৱতীসকলৰ সামগ্ৰিক বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছো। ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা শিশু আৰু যুৱক-যুৱতী আহি এই প্ৰতিযোগিতাত অংশ লৈছে। আমি তেওঁলোকৰ মাজৰ পৰা বাছনি হোৱা প্ৰতিযোগীসকলক চূড়ান্ত প্ৰতিযোগিতাৰ পূৰ্বে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদানৰ বাবে তিনিদিনীয়াকৈ ‘গ্ৰুমিং ছেছন’ৰ ৱ্যৱস্থা কৰিছো’।

অনুষা কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই মিষ্টাৰ এণ্ড মিছ পাৰফেক্টচনিষ্ট-জি টাউন প্ৰতিযোগিতাৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত অডিচন সমূহত বাছনি হোৱা প্ৰতিযোগীসকলক ৭-ৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগীয়া গ্ৰুমিং ছেছনত ব্যক্তিত্ব বিকাশ, স্বাস্থ্য, সৌন্দৰ্য আৰু ছালৰ যতন, ৰূপসজ্জা, সাজসজ্জা, ফটোগ্ৰাফি আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ফিটনেচ বিশেষজ্ঞ ৰিয়ান গায়ন, সৌন্দৰ্য চৰ্চা বিশেষজ্ঞা অলকানন্দা বৰা, ফটোগ্ৰাফাৰ যুৱৰাজ মেধিকে ধৰি কেইবাগৰাকীও প্ৰশিক্ষকে এই বিষয়সমূহত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি পৰিচালকে প্ৰকাশ কৰে।

উল্লেখ্য যে, মহানগৰীৰ অনুষা কলাকেন্দ্ৰ নামৰ অনুষ্ঠানটোৱে দীৰ্ঘদিন ধৰি সত্ৰীয়া নৃত্য, বিহু নৃত্য, জনগোষ্ঠীয় লোক নৃত্যকে ধৰি পৰিৱেশ্য কলাৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

পৰিবেশ্য কলাৰ অংশ হিচাপে এইবাৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি পৰিচালক চাৰুল হুছেইনে জানিবলৈ দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd