NORTHEAST NOW (Assamese)

কলিয়াবৰক অপমানৰ অভিযোগ তুলি ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে সৰৱ কলিয়াবৰবাসী

December 22, 2021 11:13 am · ৰিদিপ শৰ্মা, কলিয়াবৰ

স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ নামত চূড়ান্ত বেমেজালিৰে ৰাইজক আভুৱা ভৰাৰ অপচেষ্টা কৰিছে ৰাজ্যৰ অন্যতম বিভাগ ব্ৰহ্মপুত্ৰ বৰ্ড, জলশক্তি মন্ত্ৰণালয়, জলসম্পদ বিভাগ আৰু নদী উন্নয়ন বিভাগে৷এই অভিযোগ কৰিছে কলিয়াবৰবাসী ৰাইজে।

ব্ৰহ্মপুত্ৰ বৰ্ড উপাধ্যক্ষ বি-কে কিজৰিৰ নেতৃত্বত কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত আয়োজিত অনুষ্ঠানটিত চৰম বেমেজালিৰে কলিয়াবৰবাসীক অপমান কৰি মাজুলীত এই উৎসৱ উদযাপিত হোৱা বুলি উল্লেখ কৰাক লৈ চৰকাৰ তথা বিভাগক ধিক্কাৰ দিছে সকলোৱে৷

জনসাধাৰণক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ‘ট্ৰেণ্ড এম এম এছ’ নামৰ এটা সংস্থাক ঠিকা প্ৰদানেৰে চৰম ল’ৰাধেমালি কৰিছে ব্ৰহ্মপুত্ৰ উৎসৱ পালনৰ দ্বায়িত্ববাহী বিভাগকেইটাই৷

অভিযোগ অনুসৰি কলিয়াবৰত উদযাপিত ব্ৰহ্মপুত্ৰ উৎসৱৰ পৰা অতি ৰহস্যজনকভাৱে আঁতৰাই ৰাখিছে কলীয়াবৰবাসীক৷ ইয়াৰোপৰি নিদিষ্ট একাংশ ৰাইজক নিমন্ত্ৰণ কৰিও অপমান কৰাৰহে গুৰুতৰ অভিযোগ উঠিছে৷

এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, কলিয়াবৰত দহ লাখ টকা ব্যয়সাপেক্ষে অনুষ্ঠান আয়োজন কৰা হৈছে বুলি দেখুৱাইছে যদিও এক লক্ষ ধনো ব্যয় হোৱা নাই সমগ্ৰ অনুষ্ঠানটিত৷

আনহাতে, সমগ্ৰ অনুষ্ঠান সম্পৰ্কত স্বয়ং ব্ৰহ্মপুত্ৰ বৰ্ডৰ উপাধ্যক্ষ বি কে কেজৰিয়েই একো নাজানে বুলিয়েই উল্লেখ কৰিছে সংবাদমাধ্যমৰ আগত৷

ইফালে কলিয়াবৰক অপমান তথা কলিয়াবৰবাসীক অন্ধকাৰত ৰাখি অনুষ্ঠান পালনৰ নামত বহুৱালি কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷

Related News