ইতিহাস সৃষ্টি! : দেশৰ প্ৰথমগৰাকী ৩৮ ঘণ্টা ভেন্টিলেশ্যনত থকা কোভিড-১৯ ৰোগীৰ আৰোগ্য লাভ

KZv7vbKHT3PpABq64vnGcT-320-80

প্ৰতিনিধিত্বমূলক ছবি

দেশত ৩৮ ঘণ্টা ভেন্টিলেশ্যনত থকাৰ পিছত এগৰাকী কোভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

ব্যক্তিজন হৈছে কলকতাৰ ৫২ বৰ্ষীয় নিতাইদাস মুখাৰ্জী।

ইতিমধ্যে নিতাইদাস মুৰ্খাজীক ৩৮ ঘণ্টা ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ আৰোগ্য লাভ কৰা দেশৰ প্ৰথমগৰাকী ৰোগীৰ স্বীকৃতি প্ৰদান কৰা হৈছে।

চিকিৎসকসকলে ‘এই ঘটনাটো মিৰাকলতকৈ কম নহয়’ বুলি অভিহিত কৰিছে।

কাৰণ দীৰ্ঘদিন ধৰি ভেন্টিলেশ্যনত থকা কোভিড-১৯ৰ ৰোগী সাধাৰণতে জীয়াই নাথাকে।

‘হাস্পতাল কৰ্তৃপক্ষ আৰু চিকিৎসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো।ক’ব পাৰি এইটো মোৰ দ্বিতীয় জীৱন। তেওঁলোকৰ অবিহনে মোৰ মৃত্যু ঘটিলহেঁতেন। তেওঁলোক প্ৰকৃত নায়ক।’ মুখাৰ্জীয়ে কয়।

চলিত বৰ্ষৰ মাৰ্চৰ মধ্য ভাগৰ পৰকাই মুখাৰ্জীৰ শৰীৰত কোভিড-১৯ৰ লক্ষণে দেখা দিছিল।

‘আমাৰ ভ্ৰমণ ইতিহাস নাছিল। কিন্তু কোভিড-১৯ৰ লক্ষণ দেখা দিয়াৰ পিছত তেওঁক ২৯ মাৰ্চত ব্যক্তিগত হাস্পতালত লৈ গ’লো। পিছ দিনাই স্বাস্থ্য পৰীক্ষাৰ ফলাফলত পিজিটভ আহিল।’ মুখাৰ্জীৰ পত্নী অপৰাজিতা মুখাৰ্জীয়ে কয়।

‘৩৮ ঘণ্টা ভেন্টিলেশ্যনত থাকিও জী থকা কোভিড-১৯ ৰোগী হিচাপে তেওঁ ভাৰতত ইতিহাস সৃষ্টি কৰিলে।’ চিকিৎলায়ৰ কৰ্তৃপক্ষই কয়।

‘এইটো সঁচাই উল্লেখ্যযোগ্য কীৰ্তি। এনেদৰে ভেন্টিলেশ্যনতে থাকি ঘৰলৈ উভতি অহাটো অসাধাৰণ ঘটনা।’ এইদৰে কয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিকিৎসক পৰামৰ্শদাতা সমিতিৰ সুকুমাৰ মুখাৰ্জীয়ে ।