• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ কেন্দুগুৰিত ৰাজমন্ত্ৰী কনচেং দিৱস আৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 21, 2019 2:25 pm
IMG-20190121-WA0013
340
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত ঐতিহাসিক গোহাঁই গাঁৱত  সদৌ অসম বৰপাত্ৰ গোহাঁই বংশাৱলী আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে  উদযাপন কৰা হৈছে ৰাজমন্ত্ৰী কনচেং দিৱস। কনচেং দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বুৰঞ্জী  সন্মিলন আৰু কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে।  উদ্ধোধনী ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰী সকলক ইতিহাস অধ্যয়ণত ব্ৰতী হ’বলৈ আহ্বান জনায়।

বিশিষ্ট সাংবাদিকগৰাকীয়ে তেওঁৰ ভাষণত কয়,  ‘‘কনচেং বৰপাত্ৰ গোহাঁই এগৰাকী নিভাঁজ অসমীয়া বীৰ আছিল।  দেশ আৰু জাতিৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। মোগলৰ সপ্তমটো  আক্ৰমণত তেওঁ বংগৰ নৱাব খচল খাঁৰ সেনাপতি তুৰ্ব্বকক হত্যা কৰিছিল। কিন্তু এই গৰাকী বীৰৰ মৈদাম ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ তথা ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ কোনেও সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাটো অতি দুৰ্ভাগ্য বিষয় বুলি ব্যক্ত কৰে সাংবাদিক এনামুদ্দিন আহমেদে।

বৰপাত্ৰ বংশাৱলীয়ে বীৰ গৰাকীক শ্ৰদ্ধা জনাই যোৱা চাৰিটা বছৰে কনচেং দিৱস উদযাপন কৰাৰ লগতে নিজা উদ্যোগত মৈদাম সংৰক্ষণ কৰি অহাত তেওঁ সন্তুষ্টি লাভ কৰিছে বুলি মন্তব্য কৰে। আহোম স্বৰ্গদেউ  সকলৰ ধৰ্ম নিৰপেক্ষতাৰ সাম্প্ৰতিক সময়ত একাংশ ৰাজনৈতিক নেতাই ক্ষমতা লাভৰ নগ্ন  যুঁজত সম্পূৰ্ণ ৰূপে অৱজ্ঞা কৰি বিভিন্ন জনগোষ্ঠীয় আৰু ধৰ্মালম্বী লোকৰ মাজত সংঘৰ্ষ লগাবলৈ উঠি পৰি লগাৰ কথা দোহাৰি ছাত্ৰ-ছাত্ৰী আৰু সমাজ সচেতন ব্যক্তিসকলক এই ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

আহোম স্বৰ্গদেউসকলে প্ৰতিটো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক আতি আন্তৰিকতাৰে আকোঁৱালি লোৱাৰ বাবেই জাতীয় দুৰ্যোগৰ সময়ত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক ঐক্যবদ্ধ হৈছিল। আহোম আৰু মোগলৰ মাজত হোৱা যুঁজত বাঘ হাজৰিকাকে ধৰি বহুতো মুছলমান বীৰ লাচিতৰ সেনাপতিত্বত যুঁজত নামিছিল। কিন্তু আজি ক্ষমতা লাভৰ নগ্ন যুঁজত অৱৰ্তীণ হোৱা একাংশ তৰল মগজুৰ লোকে দেশ আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থকা বিভিন্ন ধৰ্মালম্বী লোকক তুচ্চ তাচ্চিল্য কৰা বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

প্ৰণৱ বৰপাত্ৰ গোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে বৰপাত্ৰ গোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীতেন বৰপাত্ৰ গোহাঁইয়ে। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ প্ৰণতি বৰপাত্ৰ গোহাঁই,  বীৰেণ চাংমাই, মাণিক চেতিয়া, জীৱেশ্বৰ বৰপাত্ৰ গোহাঁই, ফুলবৰ দিহিঙ্গীয়া, প্ৰফুল্ল বৰপাত্ৰ গোহাঁইকে ধৰি বহু কেইগৰাকী গণ্য-মাণ্য ব্যক্তি।

কনচেং বৰপাত্ৰ গোহাঁইৰ মৈদামত বন্তি প্ৰজ্বলন কৰে সদৌ অসম বৰপাত্ৰ গোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰফুল্ল বৰপাত্ৰ গোহাঁয়ে। বৰ অসম নিৰ্মাণত ৰাজমন্ত্ৰী কনচেং বৰপাত্ৰ গোহাঁইৰ ভুমিকা সম্পৰ্কত অনুষ্ঠিত আলোচনা চক্ৰত  ড০ দিব্যজ্যোতি ৰাজখোৱা, জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোঁহাই, পবিত্ৰ বৰা,  ড০ সৌমাৰজ্যোতি মহন্ত আদিকে ধৰি বহুটো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd