ভীমা-কোৰেগাঁও গোচৰৰ শুনানি স্থগিত ৰাখিলে তদন্ত আয়োগে

Bhima-Koregaon Case

ভীমা- কোৰেগাঁও গোচৰৰ অনুসন্ধান কৰি থকা তদন্ত আয়োগে ৰাজ্য চৰকাৰক জনাইছে যে চৰকাৰে গোচৰটোৰ তদন্ত চলাবলৈ মুম্বাইত উপযুক্ত আৱাস প্ৰদান নকৰালৈকে তেওঁলোকে সকলো নিৰ্ধাৰিত শুনানি স্থগিত ৰাখিছে।

দুই সদস্যৰ আয়োগৰ নেতৃত্ব দিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জে এন পেটেল।

আয়োগৰ অধিবক্তা আশীষ সতপুতে সোমবাৰে কয় যে পেনেলখনে বৰ্তমান মুম্বাইৰ ৰাজ্যিক তথ্য আয়োগৰ কাৰ্যালয়ৰ চৌহদৰ পৰা কাম কৰি আছে। যিহেতু ঠাইখন সৰু, সেয়েহে ক’ভিদ-১৯ ৰ নিয়ম অনুসৰণ কৰাটো কঠিন হৈ পৰে।

ৰাজ্যৰ মুখ্য সচিব আৰু অন্যান্য চৰকাৰী বিষয়াসকলক সম্বোধন কৰি ৩১ অক্টোবৰৰ এখন পত্ৰত আয়োগৰ সচিব ভি ভি পালনিটকাৰে কয় যে আয়োগে চৰকাৰক অতি সোনকালে মুম্বাইত উপযুক্ত বাসস্থান প্ৰদান কৰিবলৈ অনুৰোধ জনাই আহিছে।

আয়োগে চৰকাৰক ৮ ৰ পৰা ১২ নৱেম্বৰ, ২০২১ লৈ অনুসূচীত প্ৰস্তাৱিত শুনানিৰ বিষয়ে অৱগত কৰিছিল- ইয়াত কোৱা হৈছিল।

২৮ অক্টোবৰ তাৰিখৰ বৈঠকত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ জে এন পেটেলে গৃহ বিভাগৰ প্ৰধান সচিবক বিষয়টো পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থাপন কৰিবলৈ আৰু উপযুক্ত বাসস্থান প্ৰদানৰ পৰামৰ্শ দিয়ে। এইটোও স্পষ্ট কৰা হৈছিল যে যদি ২৯ অক্টোবৰ, ২০২১-ৰ ভিতৰত উপযুক্ত আৱাস প্ৰদান কৰা নহয়, আয়োগে ইয়াৰ শুনানিৰ সময়সূচী স্থগিত ৰাখিব।” পত্ৰখনত কোৱা হৈছে।

দুৰ্ভাগ্যবশতঃ আয়োগে ৩১ অক্টোবৰ, ২০২১ লৈকে চৰকাৰৰ পৰা উপযুক্ত বাসস্থান উপলব্ধ হোৱাৰ বিষয়ে কোনো বাৰ্তা পোৱা নাই। সেয়েহে আয়োগৰ সন্মুখত আন কোনো বিকল্প নাই। কিন্তু চৰকাৰে ইয়াক উপযুক্ত বাসস্থান প্ৰদান নকৰালৈকে শুনানিৰ সময়সূচী স্থগিত ৰখা হ’ব।- পত্ৰখনত উল্লেখ কৰা হৈছে।

ৰাজ্যখনত আৰোপ কৰা ক’ভিদ-১৯ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৪ মাহৰ ব্যৱধানৰ পিছত তদন্ত পেনেলে এই বছৰৰ আগষ্টত গোচৰটোৰ শুনানি পুনৰ আৰম্ভ কৰিছিল।

১৮১৮ চনৰ যুদ্ধৰ দ্বিশতবৰ্ষ উদযাপনৰ সময়ত ১ জানুৱাৰী, ২০১৮ তাৰিখে কোৰেগাঁও ভীমা স্মাৰকৰ ওচৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

উল্লেখ্য যে ভীমা-কোৰেগাঁও যুদ্ধৰ বিজয়ক দলিতসকলে পুৰণি ব্ৰাহ্মণ্যবাদী শৃংখলাৰ পৰাজয়ৰ প্ৰতীক হিচাপে স্মৰণ কৰে।

পুনে আৰক্ষীয়ে দাবী কৰিছিল যে ৩১ ডিচেম্বৰ, ২০১৭ তাৰিখে পুনেৰ এলগাৰ পৰিষদ সন্মিলনত এদিন আগতে দিয়া উচতনিমূলক মন্তব্যৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পাছতে উচতনিমূলক ভাষণ দিয়া আৰু মাওবাদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কেইবাজনো সমাজকৰ্মী, সাহিত্যিক, অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মাজৰে বুদ্ধিজীৱী ষ্টেন স্বামীৰ ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে।

তদন্ত আয়োগক ৰাজ্য চৰকাৰে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ একাধিকবাৰ সময় দিছিল যদিও বৰ্তমানলৈকে প্ৰতিবেদন দাখিল কৰা নাই আয়োগে।