আকৌ কোটাত ছাত্ৰৰ চৰম সিদ্ধান্ত : চলিত বৰ্ষত ১৩ জনলৈ বৃদ্ধি পালে মৃত্যু হোৱা ছাত্ৰৰ সংখ্যা

ৰাজস্থানৰ কোটাত পুনৰ আত্মহত্যা কৰিলে এজন ছাত্ৰই। এই ঘটনা সংঘটিত হোৱাৰ পিছত এই বছৰ কোটাত আত্মহত্যা কৰা ছাত্ৰৰ ১৩ জনলৈ বৃদ্ধি পাইছে।

জানিব পৰা মতে আত্মহত্যা কৰা ছাত্ৰজনে যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE)ৰ বাবে প্ৰস্তুতি চলাই আছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি বিহাৰৰ নালন্দা জিলাৰ বাসিন্দা সন্দীপ কুমাৰ কুৰ্মী নামৰ ছাত্ৰজনে প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোটালৈ আহিছিল। তেওঁ কোটাৰ মহাবীৰ নগৰত পি জিত বাস কৰিছিল।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত হোষ্টেলৰ আন এজন ছাত্ৰই সন্দীপক নিজৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে ছাত্ৰগৰাকীয়ে হোষ্টেলৰ তত্বাৱধায়কক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

এই সন্দৰ্ভত স্থানীয় থানাৰ আৰক্ষীয়ে মৃত ছাত্ৰজনৰ কোঠাত কোনোধৰণৰ চুইচাইড নোট উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে, সন্দীপৰ ভাতৃ সঞ্জীথেও কোটাত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা NEET ৰ বাবে প্ৰস্তুতি চলাই আছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি চাৰি বছৰ পূৰ্বে সন্দীপৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল। বৰ্তমান তেওঁলোক ককাদেউতাকৰ লগত থাকে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত সন্দীপৰ মৃতদেহ ভাতৃ সঞ্জীতৰ হাতত গতাই দিছে আৰক্ষীয়ে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৯৪ ধাৰাত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইফালে সন্দীপৰ কোঠাৰ চিলিং ফেনত কোনো ধৰণৰ আত্মহত্যা বিৰোধী যন্ত্ৰ স্থাপন কৰা হোৱা নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে কোটাত আত্মহত্যা ৰোধ কৰিবলৈ প্ৰশাসনে সকলো হোষ্টেল আৰু পি জিৰ চিলিং ফেনত আত্মহত্যা বিৰোধী যন্ত্ৰ স্থাপন কৰাটো বাধ্যতামূলক কৰিছিল। কিন্তু প্ৰশাসনৰ এই নিৰ্দেশ মানি চলা নাছিল সন্দীপে বাস কৰা হোষ্টেলটোৱে।