ইএম অমৰছিং টিছোৱে ক্ষমা খোজাৰ দাবী কাৰ্বি ৰোং আছাৰ আমেইৰ

KARAA-Regrets-over-Recent-Statement-of-LKSHA

কাৰ্বি সকলৰ পাৰম্পৰিক গাঁওৰ মুখীয়ালসকলৰ সংগঠন ‘কাৰ্বি ৰোং আছাৰ আমেই’ক (Karbi Rong Asar Amei চমুকৈ KRAA) কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং টিছোৱে সমাজ বিৰোধী উপাদান বুলি অভিহিত কৰাৰ বাবে সংস্থাটোৱে টিছোৱে ক্ষমা বিচৰাৰ দাবী কৰিছে।

উল্লেখ্য যে যোৱা ডিচেম্বৰৰ ২১ তাৰিখ শুকুৰবাৰে ৰংনিহাঙত থকা কাৰ্বি ক্লাবত অনুষ্ঠিত সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াৰ এখন বাৰ্ষিক সভাত টিছোৱে মন্তব্য কৰিছিল যে কাৰ্বি ৰোং আছাৰ আমেই হৈছে এটা তথাকথিত কাৰ্বি পৰম্পৰাগত গাওঁৰ মুখীয়ালসকলৰ সংগঠন। টিছোৱে মন্তব্য কৰিছিল যে এই সংগঠনসমূহে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত গাওঁবুঢ়া ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰি আছে।

আজি ২ জানুৱৰি বুধবাৰে কাৰ্বিং আংলঙৰ জিলা প্ৰেছ ক্লাবৰ আলোচনাকক্ষত অনুষ্ঠিত এটা আলোচনাচক্ৰত কাৰ্বি ৰোং আছাৰ আমেইৰ সভাপতি ধৰমছিং টেৰনে কৈছে, ‘‘টিছোৱে ডিচেম্বৰৰ ২১ তাৰিখ শুকুৰবাৰে ৰংনিহাঙৰ কাৰ্বি ক্লাবত অনুষ্ঠিত সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াৰ এখন বাৰ্ষিক সভাত টিছোৱে মন্তব্য কৰিছিল যে কাৰ্বি ৰোং আছাৰ আমেই হৈছে এটা তথাকথিত কাৰ্বি পৰম্পৰাগত গাওঁৰ মুখীয়ালসকলৰ সংগঠন আৰু সমাজ বিৰোধী উপাদান বুলি অভিহিত কৰিছিল। তেওঁ কয় যে টিছোৱে কাৰ্বি পৰম্পৰা, ইয়াৰ প্ৰচলিত আইন আৰু সামাজিক আচাৰ অনুষ্ঠানৰ বিষয়ে অৱগত নহয়। তেওঁ যদি কাৰ্বি হয়, তেন্তে তেওঁ সম্প্ৰদায়টোৰ পৰম্পৰাসমূহৰ বিষয়ে অৱগত হ’ব লাগে।’’

‘কাৰ্বি ৰোং আছাৰ আমেইৰ সভাপতি টেৰনে বিচাৰিছে যে কাৰ্যবাহী সদস্য টিছোৱে সংগঠনটোৰ ওচৰত ক্ষমা খোজক। যদিহে তেওঁ ক্ষমা নোখোজে তেন্তে ইএম গৰাকীৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলি প্ৰকাশ কৰে।