সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত ক’লা পতাকা উৰুৱাই কৃষক মুক্তিৰ প্ৰতিবাদ

ৰমেন ডেকাক ‘অসমীয়াৰ জাতিদ্ৰোহী’ আখ্যা কৃষক মুক্তিৰ, আৰক্ষীয়ে আটক কৰিলে চাৰিজন প্ৰতিবাদকাৰীক

KMSS

সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত কৃষক মুক্তিৰ প্ৰতিবাদ ফটো : নৰ্থ-ইষ্ট নাও

অসমীয়াৰ আবেগ-অনুভুতিক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে যুটীয়া সংসদীয় কমিটিয়ে সংসদত প্ৰতিবেদন দাখিল কৰাক কেন্দ্ৰ কৰি আজি অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তাৰ সমান্তৰালকৈ সোমবাৰৰ দিনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মহানগৰীৰ ভিন্ন প্ৰান্তত ক’লা পতাকা উৰুৱাই ‘ক’লা দিৱস’ উদযাপন কৰে। সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখতো ক’লা পতাকা আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে মংগলদৈৰ সাংসদ ৰমেন ডেকাৰ পল্টনবজাৰস্থিত বাসভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে সাংসদগৰাকীক ‘জাতিদ্ৰোহী’ আখ্যা দিয়ে।

এগৰাকী প্ৰতিবাদকাৰীৰ ভাষ্য, ’ৰমেন ডেকাই অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে। তেওঁ অসমীয়াৰ নামত কলংক।‘

প্ৰতিবাদকাৰীসকলে সাংসদ ৰমেন ডেকা মুৰ্দাবাদ, হায় হায়, গ’বেক ইত্যাদি ধ্বনিৰে কঁপাই তোলে সাংসদগৰাকীৰ বাসগৃহৰ সন্মুখভাগ।

আনহাতে, প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ কৃষক মুক্তিৰ চাৰিজন প্ৰতিবাদকাৰীক আটক কৰে। আটকাধীন প্ৰতিবাদকাৰীসকল ক্ৰমে দেবব্ৰত শইকীয়া, বিতোপন বৰুৱা আৰু আকাশ দলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মংগলদৈৰ সাংসদগৰাকী যুটীয়া সংসদীয় কমিটিৰ সদস্য আছিল আৰু তেওঁ বিলখনৰ বিৰোধিতা কৰাৰ বিপৰীতে সপক্ষেহে থিয় দিয়া পৰিলক্ষিত হৈছিল।

ইপিনে, গুৱাহাটীৰ হেঙেৰাবাৰী, খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সন্মুখতো ক’লা পতাকা উৰুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।