NORTHEAST NOW (Assamese)

টুক্ৰেশ্বৰী দেৱালয়ত কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অনুষ্ঠান ‘শৰতৰ জোনাকত এখন্তেক’

November 2, 2020 6:30 pm · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বছৰ সমূহৰ দৰে এইবেলিও ১ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হয় “শৰতৰ জোনাকত এখন্তেক” শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটি।

ঐতিহাসিক শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয় প্ৰাংগণত দেওবাৰে সন্ধিয়াৰে পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে কৃষ্ণাই আঞ্চলিক বন বিষয়া শিৱানী পেগু দলেই।

ইয়াৰ পূৰ্বে সদ্য প্ৰয়াত সাংস্কৃতিক কৰ্মী চিন্ময় নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে অনাতাঁৰ শিল্পী ৰহিমা বেগম কলিতাই।

৬:৩০ বজাত শৰতৰ জোনাকত এখন্তেক শীৰ্ষক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নগেন কলিতাই।

কৃষ্ণাই প্ৰেছ ক্লাবৰ সভাপতি চৈয়দ ৰবিউল হকৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু বিশিষ্ট চিকিৎসক ডা° জোনবিৰ দাস তথা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি, শিল্পী বনমালী ভূঁঞা।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাাপক জোনাব আলী, শিক্ষয়িত্ৰী ভাস্বতী শৰ্মাৰ লগতে কেইবাজনো কবিয়ে কবিতা পাঠ কৰাৰ বিপৰীতে শৰতৰ মাদকতা,তাৎপৰ্য,সৌন্দৰ্য সন্দৰ্ভত আলোচনা কৰে বহু সংখ্যক লোকে।

কৃত্ৰিমতাক পৰিহাৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত হোৱা অনুষ্ঠানটি গীত, কবিতা আৰু আলাপৰ মাজেৰে জীপাল হৈ পৰে।

স্থানীয় শিল্পী চিমি ৰায়, চিকিৎসক ডাঃ জোনবিৰ দাসৰ গীতৰ অনুষ্ঠানে অন্য এক মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানটিত আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় প্ৰেছ ক্লাৱৰ সম্পাদক নীলমণি শৰ্মাই।

Related News