• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া পুলিচক থানাতে পিটা খাচি ছাত্ৰ সন্থাৰ নেতা এতিয়াও পলাতক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 7:29 pm
Ferdynald Kharkamni

পলাতক খাচি ছাত্ৰ সন্থাৰ নেতাজন।

3.5k
VIEWS
Share on FacebookShare on Twitter

য়ুনিফ’ৰ্ম আৰু কৰ্তব্যৰত অৱস্থাত থকা অসমৰ এজন আৰক্ষী জোৱানক থানাতে আৰু অ’ চিৰ সন্মুখতে পিটিবলৈ সাহস পোৱা খাচি ছাত্ৰ সন্থাৰ নেতাক এতিয়াও ধৰা নাই মেঘালয় আৰক্ষীয়ে।

ঘটনাটোৱে মেঘালয় আৰক্ষীৰ শীৰ্ষ মহলত জোকাৰনি সৃষ্টি কৰিছে যদিও মেঘালয় আৰক্ষীৰ জোৱান বি বৰদলৈক পিটা ছাত্ৰ নেতাজনক এতিয়াও আটক কৰিব পৰা নাই আৰক্ষীয়ে।

যোৱা ১৪-১৫ অক্টোবৰৰ দুপৰ ৰাতি ঘটা ঘটনাটোত খাচি ছাত্ৰ সন্থাৰ ৰিভয় জিলাৰ সভাপতি বুলি চিনাকি দিয়া ফাৰ্দিনাল্ড খাৰকামনি নামৰ যুৱকজনে আন কেইবাজনো সংগীক লৈ উমিয়াম আৰক্ষী থানাত বৰদলৈক অ’ চিৰ সন্মুখতে কেইবাবাৰো ঘুচিয়াইছিল।

জিলাখনৰ সুমেৰ নামৰ গাওঁখনত হোৱা কাজিয়াৰ ঘটনা এটাত জড়িত থকা বাবে এজন যুৱকক থানাখনে আটক কৰি অনা গম পাই খাচি ছাত্ৰ সন্থাৰ দলটো সভাপতিৰ সৈতে তাত উপস্থিত হৈছিল আৰু অ’ চিক  যুৱকজনক আটক কৰি অনাৰ বাবে কৈফিয়ৎ বিচাৰি তৰ্জন-গৰ্জন কৰিছিল।

অভিযোগমতে, অ’ চিৰ টেবুলত ঢকিয়াই, কাগজ-পত্ৰ দলিয়াই আৰু বিভিন্ন ধৰণৰ হুমকি দি এক প্ৰকাৰৰ তাণ্ডৱ চলাইছিল খাৰকমনিয়ে।

report on Umiam PS

সেই সময়তে তাত য়ুনিফৰ্মত উপস্থিত থকা হেড কনিষ্টবল বি বৰদলৈক খাৰকমনিয়ে কেইবাটাও গঁতা মাৰে আৰু মুখত আঘাত কৰে।

ঘটনাটোৰ অনুসন্ধান কৰি ৰিভয় জিলাৰ আৰক্ষী অধীক্ষ চি চাইৰটিয়ে উপ আৰক্ষী মহাপৰিদৰ্শকলৈ (ডি আই জি, মেঘালয়) প্ৰেৰণ কৰা প্ৰতিবেদনত এই কথা লিখা হৈছে যে সেই সময়ত থানাখনত কেৱল ৪জন লোক কৰ্তব্যত আছিল আৰু সেয়ে ২৫-৩০ জনীয়া দলটোক প্ৰত্যাহ্বান জনোৱাৰ কথা ভাৰপ্ৰাপ্ত বিষয়াজনে নাভাবিলে।

প্ৰতিবেদনটোত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনক খাচি ছাত্ৰ সন্থাৰ নেতাজনে চৰিওৱা বুলিও উল্লেখ আছে।

পিছত খাচি ছাত্ৰ সন্থাৰ দলটোৱে আৰক্ষীয়ে আটক কৰি অনা যুৱকজনক লৈ বীৰদৰ্পে প্ৰস্থান কৰে।

আনহাতে, ছুমেৰ গাঁৱত মাৰপিটৰ বলি হোৱা লোকজনো আছিল অসমৰ বৰপেটা জিলাৰ। তেওঁৰ নাম আমিৰ আলী আৰু তেওঁ এজন গাড়ীচালক।

প্ৰতিবেদনটোত জনোৱামতে, মাৰপিটৰ ঘটনাৰ পিছত বৰদলৈক মেডিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁৰ অভিযোগৰ ভিত্তিত উমিয়াম আৰক্ষী থানাত 87(10) 2019 U/S 190/341/323/353/506 নম্বৰৰ এটা গোচৰ ৰুজ কৰা হয়।

আৰক্ষী অধীক্ষকজনৰ মতে, ফাৰ্ডিনাল্ডক ধৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰি থকা হৈছে।

উক্ত ঘটনাটোৰ ভিডিঅ’ ফুটেইজ ইতিমধ্যে আহৰণ কৰা হৈছে, যিটোত স্পষ্ট হৈছে যে ফাৰ্ডিনাল্ডে থানাখনত উদ্ভণ্ডালি কৰিছিল আৰু আৰক্ষী জোৱানজনক মাৰপিট কৰিছিল।

নৰ্থ-ইষ্ট নাও-এ চি চাইৰ্টিৰ সৈতে টেলিফোনত কথা পাতোতে কয়, “তেওঁ পলাই ফুৰিছে আৰু আমি তেওঁক সোনকালেই গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰি আছো।“

জানিব পৰামতে, ফাৰ্ডিনাল্ড পূৰ্বেও ২০১৭ চনৰ ২৭ মে’ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল জিলাখনৰ বৰ্নিহাটৰ ৰিংবনৰ এটা ৰেইলৱে’ প্ৰকল্পত আক্ৰমণ চলোৱাৰ অপৰাধত। চাৰি মাহ জেইলত থকাৰ পিছত তেওঁ জামিনত মুকলি হৈছিল।

Recent News

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd