• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া পুলিচক থানাতে পিটা খাচি ছাত্ৰ সন্থাৰ নেতা এতিয়াও পলাতক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 7:29 pm
Ferdynald Kharkamni

পলাতক খাচি ছাত্ৰ সন্থাৰ নেতাজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ুনিফ’ৰ্ম আৰু কৰ্তব্যৰত অৱস্থাত থকা অসমৰ এজন আৰক্ষী জোৱানক থানাতে আৰু অ’ চিৰ সন্মুখতে পিটিবলৈ সাহস পোৱা খাচি ছাত্ৰ সন্থাৰ নেতাক এতিয়াও ধৰা নাই মেঘালয় আৰক্ষীয়ে।

ঘটনাটোৱে মেঘালয় আৰক্ষীৰ শীৰ্ষ মহলত জোকাৰনি সৃষ্টি কৰিছে যদিও মেঘালয় আৰক্ষীৰ জোৱান বি বৰদলৈক পিটা ছাত্ৰ নেতাজনক এতিয়াও আটক কৰিব পৰা নাই আৰক্ষীয়ে।

Apply Now

যোৱা ১৪-১৫ অক্টোবৰৰ দুপৰ ৰাতি ঘটা ঘটনাটোত খাচি ছাত্ৰ সন্থাৰ ৰিভয় জিলাৰ সভাপতি বুলি চিনাকি দিয়া ফাৰ্দিনাল্ড খাৰকামনি নামৰ যুৱকজনে আন কেইবাজনো সংগীক লৈ উমিয়াম আৰক্ষী থানাত বৰদলৈক অ’ চিৰ সন্মুখতে কেইবাবাৰো ঘুচিয়াইছিল।

জিলাখনৰ সুমেৰ নামৰ গাওঁখনত হোৱা কাজিয়াৰ ঘটনা এটাত জড়িত থকা বাবে এজন যুৱকক থানাখনে আটক কৰি অনা গম পাই খাচি ছাত্ৰ সন্থাৰ দলটো সভাপতিৰ সৈতে তাত উপস্থিত হৈছিল আৰু অ’ চিক  যুৱকজনক আটক কৰি অনাৰ বাবে কৈফিয়ৎ বিচাৰি তৰ্জন-গৰ্জন কৰিছিল।

অভিযোগমতে, অ’ চিৰ টেবুলত ঢকিয়াই, কাগজ-পত্ৰ দলিয়াই আৰু বিভিন্ন ধৰণৰ হুমকি দি এক প্ৰকাৰৰ তাণ্ডৱ চলাইছিল খাৰকমনিয়ে।

report on Umiam PS

সেই সময়তে তাত য়ুনিফৰ্মত উপস্থিত থকা হেড কনিষ্টবল বি বৰদলৈক খাৰকমনিয়ে কেইবাটাও গঁতা মাৰে আৰু মুখত আঘাত কৰে।

ঘটনাটোৰ অনুসন্ধান কৰি ৰিভয় জিলাৰ আৰক্ষী অধীক্ষ চি চাইৰটিয়ে উপ আৰক্ষী মহাপৰিদৰ্শকলৈ (ডি আই জি, মেঘালয়) প্ৰেৰণ কৰা প্ৰতিবেদনত এই কথা লিখা হৈছে যে সেই সময়ত থানাখনত কেৱল ৪জন লোক কৰ্তব্যত আছিল আৰু সেয়ে ২৫-৩০ জনীয়া দলটোক প্ৰত্যাহ্বান জনোৱাৰ কথা ভাৰপ্ৰাপ্ত বিষয়াজনে নাভাবিলে।

প্ৰতিবেদনটোত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনক খাচি ছাত্ৰ সন্থাৰ নেতাজনে চৰিওৱা বুলিও উল্লেখ আছে।

পিছত খাচি ছাত্ৰ সন্থাৰ দলটোৱে আৰক্ষীয়ে আটক কৰি অনা যুৱকজনক লৈ বীৰদৰ্পে প্ৰস্থান কৰে।

আনহাতে, ছুমেৰ গাঁৱত মাৰপিটৰ বলি হোৱা লোকজনো আছিল অসমৰ বৰপেটা জিলাৰ। তেওঁৰ নাম আমিৰ আলী আৰু তেওঁ এজন গাড়ীচালক।

প্ৰতিবেদনটোত জনোৱামতে, মাৰপিটৰ ঘটনাৰ পিছত বৰদলৈক মেডিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁৰ অভিযোগৰ ভিত্তিত উমিয়াম আৰক্ষী থানাত 87(10) 2019 U/S 190/341/323/353/506 নম্বৰৰ এটা গোচৰ ৰুজ কৰা হয়।

আৰক্ষী অধীক্ষকজনৰ মতে, ফাৰ্ডিনাল্ডক ধৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰি থকা হৈছে।

উক্ত ঘটনাটোৰ ভিডিঅ’ ফুটেইজ ইতিমধ্যে আহৰণ কৰা হৈছে, যিটোত স্পষ্ট হৈছে যে ফাৰ্ডিনাল্ডে থানাখনত উদ্ভণ্ডালি কৰিছিল আৰু আৰক্ষী জোৱানজনক মাৰপিট কৰিছিল।

নৰ্থ-ইষ্ট নাও-এ চি চাইৰ্টিৰ সৈতে টেলিফোনত কথা পাতোতে কয়, “তেওঁ পলাই ফুৰিছে আৰু আমি তেওঁক সোনকালেই গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰি আছো।“

জানিব পৰামতে, ফাৰ্ডিনাল্ড পূৰ্বেও ২০১৭ চনৰ ২৭ মে’ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল জিলাখনৰ বৰ্নিহাটৰ ৰিংবনৰ এটা ৰেইলৱে’ প্ৰকল্পত আক্ৰমণ চলোৱাৰ অপৰাধত। চাৰি মাহ জেইলত থকাৰ পিছত তেওঁ জামিনত মুকলি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd