মুকলি হ’ল KTM 790 Duke; জানক কিমান দামত কিনিব পাৰিব অত্যাধুনিক স্পৰ্টছ বাইকখন

ফটো ইণ্টাৰ্নেটৰ পৰা সংগৃহীত

ভাৰত তথা অসমৰ স্পৰ্টছ বাইকাৰ সকলৰ বাবে এক সুখবৰ। প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী KTMয়ে আজি ভাৰতৰ বজাৰত মুকলি কৰে ইয়াৰ শেহতীয়া মডেল KTM 790 Duke।

আজি ভাৰতৰ ৯খন মহানগৰীত বাইকখন মুকলি কৰা হয়। বাকী ৩০ খনতকৈ অধিক মহানগৰীত বাইকখন পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব।

ভাৰতত বাইকখনৰ বজাৰ মূল্য হৈছে ৮,৬৩,৯৪৫ টকা। এই মূল্যত বাইকখনে আপেক্ষিকভাৱে কম মূল্যতে সকলো অত্যাধুনিক প্ৰযুক্তি সম্পন্ন যথেষ্ট দামী স্পৰ্টছ বাইকক ফেৰ মাৰিব পাৰিব।

KTM 790 Dukeৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে যে বাইকখনৰ ওজন যথেষ্ট কম, যাৰ বাবে ইয়াক এখন উন্নতমানৰ স্পৰ্টছ বাইকৰ শাৰীত থ’ব পাৰি।

উল্লেখযোগ্য যে মূলত অষ্ট্ৰীয়াৰ মটৰচাইকেল আৰু স্পৰ্টছ কাৰ নিৰ্মাণ প্ৰতিষ্ঠান KTMৰ পূৰ্বৰ বাইকসমূহ আন ঠাইৰ লগতে অসমৰো যুৱচামৰ মাজত বেছ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

২০১৮ চনত ইটালীৰ মিলান চহৰত ৭৯৯ চি চিৰ KTM 790 Duke বাইকখনৰ প্ৰথম প্ৰদৰ্শনী কৰা হৈছিল। তলৰত বাইকখন মুকলি কৰাৰ ভিডিঅ’ চাওক…