• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ মুৰব্বী নাছৰুল্লাহ; প্ৰত্যাক্ৰমণৰ ভাবুকি উগ্ৰপন্থী সংগঠনটোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2024 11:29 am
ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাহ। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাহ। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰুল্লাহৰ। যোৱা কেইদিনমানৰ পৰা ইজৰাইলৰ সেনাৰ বোমাবৰ্ষণে লেবাননক নৰকত পৰিণত কৰিছে। ইজৰাইলৰ সেনাই ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি ইটোৰ পিছত সিটোকৈ আক্ৰমণ চলাইছে। যোৱা শুকুৰবাৰে সংঘটিত হোৱা এনে আক্ৰমণত হিজবুল্লাহ গোটৰ মুৰব্বী নিহত হয় বুলি দেশৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছে।

জানিব পৰা মতে, বেইৰুটৰ দহিয়া চুবুৰীৰ এটা অসামৰিক অট্টালিকাত আত্মগোপন কৰি আছিল মুৰব্বীগৰাকী। এই খবৰ নিশ্চিত হোৱাৰ পিছতে ইজৰাইলী সেনাই অঞ্চলটোত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। নিমিষতে ঘন ক’লা ধোঁৱাই চৌপাশ ঢাকি পেলায়। সূত্ৰ অনুসৰি এই আক্ৰমণত কমেও ৩০০ লোকৰ মৃত্যু হয়।

লগতে পঢ়কঃ উত্তৰাধিকাৰ! তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হ’ল মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি

Apply Now

দীৰ্ঘদিন ধৰি ইজৰাইলৰ হিট লিষ্টত আছিল হিজবুল্লাহৰ মুৰব্বীগৰাকী। ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে হাছান বহু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। তেওঁ লেবাননত বিস্ফোৰক আৰু ড্ৰোন কাৰখানা নিৰ্মাণ কৰিছিল। তাত নিৰ্মিত ৰকেটবোৰ প্ৰায়ে ইজৰাইলৰ ভূখণ্ডত নিক্ষেপ কৰা হৈছিল। ইজৰাইলৰ আগশাৰীৰ সংবাদপত্ৰই প্ৰকাশ কৰা অনুসৰি হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি থকা এবছৰৰ ভিতৰত বেইৰুটত এইটো আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ।

নাম প্ৰকাশ নকৰা ইজৰাইলৰ বিষয়াসকলৰ মতে, ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হিজবুল্লাহৰ মুৰব্বীগৰাকীৰ মৃত্যু হয় যদিও উগ্ৰপন্থী সংগঠনটোৰ আন কমাণ্ডাৰ আৰু সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে নে নাই সেয়া নিশ্চিত নহয়। তদন্ত শেষ হোৱাৰ পিছত তেওঁলোকে সেই বিষয়ে নিশ্চিত হ’ব পাৰে।

ইফালে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে নিজৰ বাসগৃহত দেশখনৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী অধিৱেশন আহ্বান কৰে। তেওঁ এই আক্ৰমণক গৰিহণা দিয়ে। খামেইনিৰ উপদেষ্টা আলী লাৰিজানীয়ে কয় যে ইজৰাইলে তেহৰাণৰ ৰেড লাইন অতিক্ৰম কৰিছে আৰু পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। এই হত্যাকাণ্ডই ইজৰাইলৰ সমস্যা সমাধান কৰিব নোৱাৰে। ফলত দুয়োখন দেশৰ সম্পৰ্ক অধিক জটিল হৈ পৰিব।

লগতে পঢ়কঃ এয়াৰ ইণ্ডিয়াৰ অমলেটত পইতাচোৰা! দুবছৰীয়া শিশুক খুৱাবলৈ লৈ দেখি ক্ষোভ উজাৰিলে মাতৃয়ে

এই আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থীয়ে ইজৰাইলৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। ইৰাণক লক্ষ্য কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে তেহৰাণৰ অত্যাচাৰীসকলৰ বাবে মোৰ এটা বাৰ্তা আছে। হিজবুল্লাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। যেতিয়ালৈকে তেওঁলোকে ৰকেট নিক্ষেপ বন্ধ নকৰে তেতিয়ালৈকে এই আক্ৰমণ অব্যাহত থাকিব। তেওঁ লগতে কয় যে ইৰাণত ইজৰাইলে ঢুকি নোপোৱা এনে কোনো ঠাই নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd