• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ সংকট! বীৰেন সিং চৰকাৰৰ পৰা কুকি পিপলছ এলায়েন্সৰ সমৰ্থন প্ৰত্যাহাৰ

জাহিৰ আক্ৰম বৰা, বিট ইৰম by জাহিৰ আক্ৰম বৰা, বিট ইৰম
August 7, 2023 7:50 am
6.8k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বীৰেন সিং নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট  চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে কুকি পিপলছ এলায়েন্সে (কে পি এ)। বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰি কেপিএ-ই মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেৰ হাতত পত্ৰ দাখিল কৰিছে।

কেপিএ-ই মণিপুৰৰ ৰাজ্যপাললৈ লিখা পত্ৰত উল্লেখ কৰিছে যে, ‘বৰ্তমানৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে সযতনে বিবেচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত মণিপুৰৰ বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি অব্যাহত থকা সমৰ্থন আৰু এতিয়া ফলপ্ৰসূ নহয়।‘

ইয়াত লগতে কোৱা হৈছে, “সেই অনুসৰি ইয়াৰ দ্বাৰা মণিপুৰ চৰকাৰৰ পৰা কেপিএ-ৰ সমৰ্থন প্ৰত্যাহাৰ কৰা হৈছে আৰু ইয়াক বাতিল বুলি গণ্য কৰিব পাৰি।”

উল্লেখ্য যে মণিপুৰ বিধানসভাত কেপিএ-ৰ দুগৰাকী বিধায়ক আছে।

কেপিএ-ৰ বিধায়ক দুগৰাকী হ’ল: চাইকুলৰ পৰা কিমনেও হাওকিপ হাংছিং আৰু সিংহাটৰ পৰা চিনলুনথাং।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা কেপিএ-ই সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৫৩ গৰাকী বিধায়ক আৰু নিৰ্দলীয় বিধায়কৰ চৰকাৰৰ প্ৰতি সমৰ্থন থাকিব।

বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ পৰা কেপিএ-ই সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে কেইবাটাও কুকি নাগৰিক সমাজ সংগঠনে কুকি বিধায়কক মণিপুৰ বিধায়িনী সভাৰ বিশেষ অধিৱেশনত উপস্থিত নাথাকিবলৈ আহ্বান জনাইছে।

প্ৰসংগক্ৰমে, অঞ্চলটোৰ শীৰ্ষ কুকি সংগঠন কুকি ইনপি মণিপুৰে (KIM) শেহতীয়াকৈ কেইবাটাও কুকি গোটৰ হৈ সদৰী কৰিছিল যে মণিপুৰ বিধানসভাৰ আগন্তুক অধিৱেশনত “সমগ্ৰ সম্প্ৰদায়ৰ স্বাৰ্থত” কোনো কুকি-জো বিধায়কে ব্যক্তিগতভাৱে হওক বা ভিডিঅ’ কনফাৰেন্সিং মাধ্যমেৰে হওক অংশগ্ৰহণ কৰিব নালাগে।

উল্লেখ্য যে যোৱা ৩ মে’ৰ পৰা ৰাজ্যত সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষ আৰু বৃহৎ হিংসাত্মক ঘটনাত মণিপুৰ উত্তপ্ত হৈ আছে।

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিত ১৫০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd