NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজসেৱক কুল কোঁৱৰ আৰু নাই

September 13, 2018 6:21 pm · মানস প্ৰতিম গগৈ
কুল কোঁৱৰ। ছবি নৰ্থ ইষ্ট নাও।

বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰাক্তন সম্পাদক, উত্তৰ মাৰ্ঘেৰিটা নামঘৰ উপ সভাপতি মাৰ্ঘেৰিটাৰ প্ৰায় সকলো সামাজিক অনুষ্ঠানৰ লগত জড়িত কুল কোঁ‌ৱৰ আৰু নাই৷ বুধবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কোঁৱৰে ইহলীলা ত্যাগ কৰে৷

কিছু দিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৭৫ বছৰীয়া কোঁৱৰে মৃত্যুৰ সময়ত পত্নী, ২ জন পুত্ৰ আৰু ১গৰাকী জীয়াৰীক ইহসংসাৰত এৰি থৈ গৈছে৷

কোঁ‌ৱৰৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটাতে শোকৰ ছাঁ‌ পৰিছে৷ ‘কুল কোঁ‌ৱৰ মৃত্যুত মাৰ্ঘেৰিটাবাসীয়ে এজন অভিভাৱক হেৰুৱালে,’ এই মন্তব্য মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগৰ৷

কোঁ‌ৱৰৰ মৃত্যুত মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, সাহিত্যক ড° ৰীতা চৌধুৰী, তিনিচুকীয়া জিলাৰ সহকাৰী উপায়ুক্ত বিক্ৰম কৈৰী, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব, বিজেপি নেতা লক্ষ্য কোঁৱৰ, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ, বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা, মাৰ্ঘেৰিটা জেষ্ঠ নাগৰিক সন্থা, উত্তৰ মাৰ্ঘেৰিটা নামঘৰ, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটি, উত্তৰ মাৰ্ঘেৰিটা ব’হাগী উৎসৱ সমিতি, সুৰভি মহিলা সমিতি, সাংবাদিক মানস প্ৰতিম গগৈ, পাৰ্থ প্ৰতিম গোস্বামী, বিশিষ্ট লেখক ৰাজীৱ নিংখী, আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আটাছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

Related News