বাক্সাৰ কুমাৰীকাটা আৰক্ষীৰ বৃহৎ সাফল্য: ১০ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ জব্দ, এজনক আটক

Drugs at kumarikata

ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

ইয়াৰ মাজতেও কিন্তু বাক্সাৰ ভাৰত-ভূটান সীমান্তত এচাম দুষ্ট চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই গৈছে। যেন আৰক্ষী যদি ডালে ডালে, ড্ৰাগছ সৰবৰাহকাৰী পাতে পাতে।

তাৰ মাজতে শুকুৰবাৰে আবেলি কুমাৰীকাটা আৰক্ষীয়ে নতুন কৌশলেৰে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে এক বৃহৎ সফলতা।

তামুলপুৰ মহকুমাৰ দক্ষিণ কুমাৰীকাটাত শুকুৰবাৰে আবেলি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এজন যুৱকৰ লংপেন্টৰ পকেটৰ পৰা  বৰবিষ হেৰ’ইন ভৰ্তি ১০টা কন্টেইনাৰ জব্দ কৰে আৰু যুৱকজনক আটক কৰে।

জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ১২.৯৪ গ্ৰাম। আৰক্ষীয়ে যুৱক জনৰ জিম্মাৰ পৰা এএছ-২৫- আৰ- ৬৬৪০ নম্বৰৰ বাইক এখনো জব্দ কৰে।

আটক কৰা যুৱকজন হৈছে ভাৰত-ভূটান সীমান্তৰ  হৰতলা গাঁও নিবাসী মিলন মোছাহাৰীৰ ২২ বছৰীয়া পুত্ৰ প’লচন মোছাহাৰী।

পিছত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই মোবাইল ফোন, চিৰিঞ্জ আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

যুৱকজনে ড্ৰাগছ সৰবৰাহৰ বাবে দক্ষিণ কুমাৰীকাটাৰ সমীপত ৰঙিয়া-ভূটান পথত ৰৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

তেনেকৈ ৰৈ থকা অৱস্থাতে যুৱকজনক আটক কৰে আৰক্ষীয়ে।

আটাকাধীন যুৱক জনক কুমাৰীকাটা আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।