আলফা (স্বা)ৰ হৈ কাম কৰি অহা শিক্ষয়িত্ৰী, ছাত্ৰীসহ চাৰিজনক গ্ৰেপ্তাৰ

আলফা (স্বা)ৰ হৈ কাম কৰি অহাৰ অভিযোগত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা আজি আৰক্ষীয়ে এগৰাকী শিক্ষয়িত্ৰী, হস্পিটালৰ কৰ্মচাৰী, ছাত্রীকে ধৰি চাৰি গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

ডিব্রুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনে আলফা (স্বা)ৰ  লিংকমেন হিচাপে কৰি আহিছিল। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এইদৰে ছাত্ৰী-শিক্ষয়িত্ৰীসহ ৪ গৰাকী ব্যক্তি গ্ৰেপ্তাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

তেওঁলোকক গোলাঘাটৰ চয়নিকা কামান (শিক্ষয়ত্ৰী), নাহৰকটিয়াৰ চাচনিৰ দেৱজ্যোতি দোৱৰা, ডিব্ৰুগড়ৰ কবিতা কামান (মহাবিদ্যালয়ৰ ছাত্ৰী) আৰু কনক পেগু (ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমৰ আই চি ইউ টেক্নিচিয়ান) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে ধৃত ব্যক্তি কেইজনৰ পৰা আলফা স্বাধীনৰ পতাকা আৰু ৭টা মোবাইল ফোন জব্দ কৰা হয়।

এই সম্পৰ্কত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই কয়, ‘উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা আমি ৪জন আলফা (স্বা)ৰ লিংকমেন আটক কৰিছো। চাৰিজনেই বিদ্ৰোহী সংগঠনটোৰ হৈ কাম কৰি আহিছিল’।

‘আমি বিষয়টোৰ তদন্ত কৰি আছো আৰু চাৰিজনকে আদালতত হাজিৰ কৰোৱা হয়’ তেওঁ লগতে কয়।

আৰক্ষীৰ এক সূত্ৰৰ মতে উজনি অসমত আলফা (স্বা) লিংকমেন সক্ৰিয় হৈ আছে আৰু তেওঁলোকে সংগঠনটোৰ বাবে ধন সংগ্ৰহৰ কাম কৰি আছে।