লখিমপুৰৰ কৃষক হত্যাকাণ্ডৰ এটা বছৰ: মৃতকৰ পৰিয়ালে ন্যায় লাভ নকৰাত ক্ষোভ ৰাকেশ টিকাইটৰ

Lakhimpur Kheri

যোৱা বৰ্ষৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত নৃশংস কৃষক হত্যাকাণ্ডৰ ঘটনাই এটা বছৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ৰ খুন্দাত মৃত্যু হৈছিল চাৰিগৰাকীকৈ প্ৰতিবাদী কৃষকৰ।

এই হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। মৃত কৃষকসকলৰ ন্যায়ৰ দাবী তথা অভিযুক্ত আশীষ মিশ্ৰৰ শাস্তিৰ দাবীত প্ৰতিবাদত নামি পৰিছিল দেশৰ কৃষক সংগঠনসমূহ।

কিন্তু এই হত্যাকাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো হত্যাকাণ্ডত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালে এতিয়াও ন্যায় পোৱা নাই বুলি আজি ক্ষোভ প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে।

এক সাক্ষাৎকাৰত টিকাইটে কয় যে যোৱা বৰ্ষৰ আজিৰ দিনটোতে টিকুনিয়া গাঁৱত সংঘটিত হোৱা হিংসাত্মক ঘটনাক দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। এই ঘটনাত নিহত কৃষক সকলৰ পৰিয়ালৰ বাবে চৰকাৰে ন্যায় নিশ্চিত কৰা নাই বুলি মন্তব্য কৰিছে টিকাইটে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ৩ অক্টোবৰত কৃষকসকলে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে টিকুনিয়া গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

তেতিয়াই প্ৰতিবাদী কৃষকসকলক গাড়ীৰে মহতিয়াই নিছিল আশীষ মিশ্ৰৰ কনভয়ে আৰু গাড়ীৰ খুন্দাত মৃত্যুবৰণ কৰিছিল চাৰিগৰাকী কৃষকে।

আনহাতে ইয়াৰ পাছতে ঘটনাস্থলীত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত বিজেপিৰ দুজন কৰ্মী আৰু এজন সাংবাদিককে ধৰি আন চাৰিজন নিহত হৈছিল।

এই ঘটনা সুঁৱৰি টিকাইটে হত্যাকাণ্ডত নিহতসকলৰ পৰিয়ালে ন্যায় লাভ কৰাত পলম হোৱাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰে।

বৰ্তমানৰ শাসকপক্ষই আইনী ব্যৱস্থা বা সংবিধানত বিশ্বাস নকৰে বুলি অভিযোগ কৰি টিকাইটে লগতে চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও অভিযোগ কৰে।