লখিমপুৰত আৰক্ষীৰ অভিযানত পিস্তলসহ আটক তিনিজন যুৱক

police captured three youth in banderdewa

লখিমপুৰত আৰক্ষীয়ে আটক কৰা যুৱককেইজনৰ

লখিমপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱা অঞ্চলৰ পৰা তিনিজন যুৱকক পিস্তল আৰু গোলা-বাৰুদৰ সৈতে আটক কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি লালুক আৰক্ষী চকী আৰু বান্দৰদেৱা পহৰা চকীৰ এটা যুতীয়া আৰক্ষীৰ দলে বৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বান্দৰদেৱা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ওচৰত অৱস্থিত এটা ঘৰত অতৰ্কিতে অভিযান চলায়।

আৰক্ষীৰ দলটোৰ এই অতৰ্কিত অভিযানত ঘৰটোত আত্মগোপন কৰি থকা তিনিজন যুৱকক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ হাতত আটক হয়। আটকাধীন যুৱক কেইজনৰ লগতে ঘৰটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা পিস্তল আৰু সাত ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।

অভিযানত আটক হোৱা যুৱক কেইজন মাজুলীৰ প্ৰবীন মিলি, অৰুণাচলৰ নাহৰলগুণৰ এণ্টনী ড’কী আৰু লখিমপুৰৰ পানীগাঁওৰ সৌৰভ দলে বুলি চিনাক্ত কৰা হৈছে। যুৱককেইজনে দীৰ্ঘদিনধৰি অঞ্চলটোত ধনদাবীকে আদি কৰি বিভিন্ন অপৰাধমূলক কামত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।