NORTHEAST NOW (Assamese)

এইবাৰ আহোম যুগৰ ঐতিহাসিক ৰংচাই বিলত শেনচকু ভূ মাফিয়াৰ

February 18, 2022 3:02 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: February 18, 2022 3:52 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ভূ মাফিয়াৰ দপদপনি। শিৱসাগৰতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই। শেহতীয়াকৈ শিৱসাগৰৰ ঐতিহাসিক স্থানৰ ওপৰতো চকু পৰিছে ভূ মাফিয়াৰ।

ৰংচাই বিলত এতিয়া ভূ মাফিয়াৰ জেচিবি,পকলেন চলিছে । এনে কাৰ্য দেখিও নেদেখাৰ ভাওঁ জুৰিছে শিৱসাগৰ জিলা প্ৰশাসন তথা বন বিভাগে।

ঐতিহ্যমণ্ডিত স্থানত ভূ মাফিয়াৰ এনে আধিপত্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে স্থানীয় একাংশ বাসিন্দা। ভূ-মাফিয়াৰ অতপালি ৰোধ কৰাৰ দাবীৰে ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাৱস্ত্য কৰিছে যদিও সেই প্ৰতিবাদে গা লৰাব পৰা নাই প্ৰশাসনৰ।

উল্লেখ্য আহোম ৰাজত্ব কালৰ বিলখন ভূ মাফিয়াই বেদখল কৰি ঠায়ে ঠায়ে পুতি পেলোৱাৰ লগতে কোনো অংশ খান্দি পোলোৱাত বিল খনৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।

বেদখলৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰ দিচাংমুখৰ কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহে ৰাজপথলৈ।

শতাধিক ৰাইজে শিৱসাগৰ চহৰ- দিচাংমুখ সংযোগী পথ অৱৰোধ কৰি বেদখলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ ‘ৰংচাই বিল সংৰক্ষণ কৰক, ৰংচাই বিল বেদখলমুক্ত কৰক’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

কেইবাখনো গাঁৱৰ জীৱন জীৱিকা জড়িত হৈ থকা ৰংচাই বিল ৰন্টেশ্বৰ টায়ে আৰু তেওঁৰ পুত্ৰৰ নেতৃত্বত বেদখল কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰোণোজ পেগুৰ লগত থকা ঘনিষ্ঠতাৰ দোহাই দিয়েই ৰন্টেশ্বৰ টায়ে আৰু তেওঁৰ পুত্ৰই ৰংচাই বিল বেদখল কৰিবলৈ সাহস গোটাব পাৰিছে বুলি ৰাইজে মন্তব্য কৰিছে।

ইপিনে আজি এঘন্টাৰো অধিক সময় প্ৰতিবাদী ৰাইজে পথ অৱৰোধ কৰাৰ পিছত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই প্ৰতিবাদস্থলীত উপস্থিত হৈ বিলখন বেদখল মুক্ত কৰা হ’ব বুলি আশ্বাস দিয়াত পৰিস্থিতি শান্ত হয় ।

Related News