• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাৱধান! হিন্দুৱে সাৰ পালে দাড়ি টানি বেণী গুঠি দিয়া হ’ব! মুছলমানক সকিয়নী বিজেপি বিধায়কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2022 4:14 pm
BJP MLA hate speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰত হিন্দুত্ববাদী বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশৰ সংবিধানক ধোঁৱাচাঙত তুলি, ধৰ্মনিৰপেক্ষতাক নিতৌ উপহাস কৰি মুছলমান সকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰে আক্ৰমণ কৰা একপ্ৰকাৰ ফেশ্যনত পৰিণত হৈছে।

কেৱল হিন্দুত্ববাদী দল-সংগঠনৰ নেতা-কৰ্মীয়েই নহয়, শাসনাধিষ্ঠ বিজেপি দলৰ নেতা-মন্ত্ৰী-বিধায়কেই এনেদৰে সাম্প্ৰদায়িক ভাষণ তথা বক্তব্যৰে বহু সময়ত চৰ্চিত হৈছে।

Apply Now

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই এজন বিজেপি বিধায়কে মুছলমান বিৰোধী শ্লেষেৰে ভৰা ঘৃণামূলক ভাষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।

ভিডিঅ’টোত আমেঠিৰ টিলোইৰ বিজেপি বিধায়ক মায়াংকেশ্বৰ শৰণ সিঙক নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুছলমানসকলৰ বিৰুদ্ধে ঘৃণামূলক বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।

বিধায়কজনে কয়, “যদি হিন্দুস্তানৰ হিন্দুসকলে সাৰ পায় তেন্তে মুছলমানৰ দাড়ি টানি আনি বেণী গুঠি দিয়া হ’ব। যদি কোনো মুছলমান হিন্দুস্তানত থাকিব বিচাৰে, তেতিয়াহ’লে ‘ৰাধে ৰাধে’ বুলি ক’ব লাগিব। অন্যথা বিভাজনৰ সময়ত পাকিস্তানলৈ যোৱা সকলৰ দৰে এই সকলো পাকিস্তানলৈ যাব পাৰে। হিন্দুস্তানত তেওঁলোকৰ কোনো প্ৰয়োজন নাই।”

এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত তুমুল বিতৰ্কৰ সৃষ্টি হয়। এই বিতৰ্কৰ পিছতে আমেঠি আৰক্ষী বিষয়াই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষীৰ উচ্চপ্ৰদস্থ বিষয়াই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। বিধায়কজনক এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা সোমবাৰে পূব উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰৰ দোমাৰিয়াগঞ্জৰ বিজেপি বিধায়ক ৰাঘবেন্দ্ৰ সিঙেও এক বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল।

যদি তেওঁ সমষ্টিৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় তেন্তে মুছলমানসকলে টুপী পিন্ধাৰ পৰিৱৰ্তে কপালত তিলক ল’ব লাগিব বুলি সাৱধানবাণী শুনাইছিল ৰাঘবেন্দ্ৰ সিঙে।

এনেদৰে মুছলমানৰ বিৰুদ্ধে উচটনিমূলক ঘৃণাৰ মন্তব্যৰে সংবিধান উলংঘা কৰাৰ পিছতো শাসকীয় দলটোৰ নেতা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়।

বিজেপিৰ শীৰ্ষস্থানীয় নেতা সকলেও এনে বক্তব্যৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে নিৰৱতাৰে সন্মতি তথা উদগনি যোগাৱাহে পৰিলক্ষিত হৈছে।

সময়ে সময়ে কৰি অহা এনে ঘৃণামূলক বক্তব্যই যে ভৱিষ্যতে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰিব, সেয়া নাকচ কৰিব নোৱাৰি।

দেশৰ ন্যায় ব্যৱস্থাই এই সকলৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd