অসমৰ ভূমি অধ্যাদেশ বিজেপি চৰকাৰৰ নিৰ্বাচনী গিমিক: উপমন্যু হাজৰিকা

Land ordinance in Assam is a poll gimmick of BJP government: Upamanyu Hazarika

জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই উদ্যোগক মাটি দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল কেবিনেটে গ্ৰহণ কৰা অধ্যাদেশৰ বাবে চৰকাৰক বুধবাৰে তীব্ৰভাৱে সমালোচনা কৰিছে।

“চাৰ্টিফিকেচনৰ বাহিৰে কোনো সীমাবদ্ধতা নোহোৱাকৈ প্ৰস্তাৱিত আধ্যাদেশখনে অসমৰ সকলো কৃষিভূমি উদ্যোগৰ বাবে মুকলি কৰিছে, (ই) কেৱল খেতিয়কসকলৰ বাবেই নহয় বৰং অসমৰ ১১৫টা ক্ষুদ্ৰ খিলঞ্জীয়া নৃগোষ্ঠী সম্প্ৰদায়ৰ বাবেও এক মৃত্যু ঘণ্টা,” হাজৰিকাই কয়।

হাজৰিকাই এই সিদ্ধান্তক নিৰ্বাচনী গিমিক বুলি অভিহিত কৰিছে।

“পৰৱৰ্তী বিধান সভা নিৰ্বাচনলৈ মাথোঁ নমাহ বাকী থকা অৱস্থাত প্ৰস্তাৱিত অধ্যাদেশখন লেণ্ড স্পেকুলেটৰসকলৰ পৰা শাসক দলে পুঁজি সংগ্ৰহ কৰা আৰু নিজকে সমৃদ্ধ কৰাৰ এক স্পষ্ট প্ৰচেষ্টা,” তেওঁ কয়।

তেওঁ কয় “জাতি, মাটি, ভেটি” শ্লোগানেৰে ক্ষমতালৈ অহা এখন চৰকাৰৰ ক্ষেত্ৰত “ই কেৱল বিফল হোৱাই নহয় বৰং বৰ্তমানৰ নীতিৰে খিলঞ্জীয়া পৰিচয় ধ্বংসৰ বাবেও সক্ৰিয় পদক্ষেপ লৈছে।”

তেওঁ কয় যে কা-বিৰোধী প্ৰতিবাদৰ সময়ত যোৱা ডিচেম্বৰত অসম কেবিনেটে সিদ্ধান্ত লৈছিল যে ৰাজ্যৰ সকলো মাটি কেৱল খিলঞ্জীয়া লোকৰ মাজতহে বদলি কৰিব পৰা যাব আৰু পৰৱৰ্তী বিধান সভা অধিৱেশনত এই সন্দৰ্ভত এক আইন অনা হ’ব আৰু এই ঘোষণা আন নহয় হিমন্ত বিশ্ব শৰ্মাই কৰিছিল।

ই আছিল খিলঞ্জীয়াৰ কাৰণে ঘোষিত বিভিন্ন পদক্ষেপৰ এটা, তেওঁ কয়।

“নেতাসকলে যেতিয়া এনে মুকলি মিছাৰ আশ্ৰয় লয়, খিলঞ্জীয়াসকল কেনেকৈ বাচি থাকিব?” হাজৰিকাৰ প্ৰশ্ন।

তেওঁ কয় যে যোৱা ৫ বছৰত বৰ্তমান চৰকাৰৰ সক্ৰিয় পৃষ্ঠপোষকতাত অধিক মাটি বাংলাদেশী বেদখললৈ গ’ল।

আৰু এই নীতিয়ে মধ্য আৰু উজনি অসমত খিলঞ্জীয়া মানুহৰ হাতত থকা বাকী কৃষিভূমিখিনি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই যোৱাটো নিশ্চিত কৰিব, হাজৰিকাই কয়।