NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে ভুৱা ভূমি ৰাজহ কেলেংকাৰী

July 28, 2025 6:15 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাত চাহ জনজাতি জনগোষ্ঠীক লক্ষ্য কৰি এক বৃহৎ ভূমি ৰাজহ কেলেংকাৰীৰ সন্ধান পোৱা গৈছে। লিডো বিছা গাঁৱৰ গংগা ছেত্ৰী আৰু হেমন্ত ভট্টৰাই নামৰ দুজন ব্যক্তিয়ে ভুৱা ৰচিদ আৰু জাল ছীল ব্যৱহাৰ কৰি গাঁৱৰ মানুহৰ পৰা প্ৰতি বিঘাই ২৫০০ টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

অসম চৰকাৰে ২০২০ চনত ডিজিটেল ৰাজহ সংগ্ৰহৰ দিশত আগবাঢ়িলেও, চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা, বছৰ বছৰ ধৰি আৰ্থ-সামাজিকভাৱে দুৰ্বল শ্ৰেণী তথা শোষিত সকলৰ ওপৰতে লোটপাট চলাইছে একাংশ দালালে। বৰ্তমান পলাতক হৈ থকা অভিযুক্তসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মাৰ্ঘেৰিটা ৰাজহ সংমণ্ডল বিষয়া আৰু সহ-জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

স্বচ্ছ শাসন ব্যৱস্থাৰ দাবীৰ মাজতে আছা আৰু আটাছাৰ নেতাসকলে কৰ্তৃপক্ষৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে যে এনে কেলেংকাৰী কেনেকৈ চলি থাকিব পাৰে। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে ৰ্তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।

Related News