লাৰা দত্তই পিন্ধিলে অসমৰ মেখেলা চাদৰ, পিন্ধি ক’লে- ‘অভিভূত হৈ পৰিছো’
ফেশ্বন জগতত উজ্বলি উঠিছে অসমৰ সাজপাৰ।
দেওবাৰে দিল্লীৰ লেকমী ফেশ্বন ৱীকত ডিজাইনাৰ সংযুক্তা দত্তই অসমীয়া মেখেলা চাদৰ আৰু মুগাৰ সাজ প্ৰদৰ্শন কৰে।
মেখেলা চাদৰ পিন্ধি ৰেম্পত খোজ দিয়ে বলিউদৰ অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰী লাৰা দত্তই।
সংযুক্তা দত্তৰ এই কাপোৰৰ কালেকচনৰ নামটো আছিল ‘শুকুলা’।
কাপোৰসমূহ প্ৰদৰ্শন কৰাৰ অন্তত সংযুক্তা দত্তই নিজৰ ভাষ্যত কয় যে লেকমী ফেশ্বন ৱীকত অংশগ্ৰহণ কৰি তেওঁ আনন্দিত অনুভৱ কৰিছে।
কাপোৰসমূহৰ বগা ৰঙে শান্তিৰ অভিব্যক্তি প্ৰদৰ্শন কৰিছে বুলিও তেওঁ কয়।
আনহাতে, মেখেলা চাদৰ পিন্ধি লাৰা দত্তই কয় যে সাজযোৰ শক্তিশালী, তাৰ লগে লগে নিভাঁজো।
সামাজিক মাধ্যমতো অভিনেত্ৰীগৰাকীয়ে মেখেলা চাদৰ পিন্ধা নিজৰ ফটো শ্বেয়াৰ কৰে।
ফটোসমূহ শ্বেয়াৰ কৰি তেওঁ লিখে যে তেওঁ অভিভূত কৰিছে।
মেখেলা চাদৰৰ উপৰিও সংযুক্তা দত্তই ফেশ্বন ৱীকত উত্তৰ পূবৰ জনজাতীয় সাজৰ উপৰিও পশ্চিমীয়া সাজ পাৰৰ ডিজাইনো প্ৰদৰ্শন কৰে।