• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি এটা মিছলীয়া দল, ৰাইজক দেখুৱাইছে মিছা সপোন: বিপিএফ নেতা গণেশ কছাৰী

বিজেপি-ইউপইপিএল-জিএছপিৰ পৰা অহা ৩০ গৰাকীৰ বিপিএফত যোগদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 24, 2021 9:21 am
IMG_20210323_133400

তামুলপুৰৰ নিৰ্বাচনী সভাত বিপিএফ নেতা গণেশ কছাৰী। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্তবিশ্ব শৰ্মাৰ বিজেপি দল এটা মিছলীয়া দল। তেওঁলোকে ৰাইজক বহু মিছা আশা আৰু  মিছা সপোন দেখুৱাইছে। বহু ডাঙৰ ডাঙৰ কাম কৰাৰ প্ৰতিশ্ৰুতিও দি সেই প্ৰতিশ্ৰুতি এতিয়া তেওঁলোকে ৰাখিব পৰা নাই। তেওঁলোকে দেখুওৱা আশা-আকাংক্ষা ফুটুকাৰ ফেনত পৰিণত হৈছে।‘’

এই ভাষ্য বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ। ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত তথা কংগ্ৰেছ, এআইইউডিএফকে ধৰি মহাজোঁটৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মঙলবাৰে গণেশ কছাৰীয়ে বিজেপি দলৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে।

Apply Now

বিপিএফ নেতা মীৰআলি হুছেইনৰ সভাপতিত্বত শুক্লাই চেৰফাং ব্লক বিপিএফৰ কাৰ্যালয়ত দিনৰ ১২-০০ বজাত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি গণেশ কছাৰীয়ে পুনৰ কয় যে  নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত অসমলৈ আহি যিবোৰ প্ৰতিশ্ৰুতি দিছিল আজিৰ দিনত সকলোবোৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে।

তেওঁ অভিযোগ কৰি কয় যে অসমৰ পৰা  বাংলাদেশী খেদিম বুলি শাসনলৈ অহা বিজেপিয়ে আজিলৈ অসমৰ পৰা এজনো বাংলাদেশী খেদিব নোৱাৰিলে। বৰঞ্চ অসমত থকা হিন্দু বঙালী সকলক বিজেপিয়ে নিৰ্যাতন চলাই গৈছে। বিজেপি চৰকাৰৰ দিনতেই ”ডি” ভোটাৰৰ নামত হিন্দু বঙালী সকলক ডিটেনশ্বন শিবিৰত ৰাখি নিৰ্যাতন চলোৱা হৈছে, বহু বাঙালী হিন্দু লোকে মৃত্যুক সাৱটি লব লগাও হৈছে।

গণেশ কছাৰীৰ অভিযোগ যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে দুমুখীয়া নীতিৰে চৰকাৰ চলাইছে। বিজেপি চৰকাৰে অসমত টুইন টাৱাৰ নিৰ্মাণ,স্মাৰ্ট চিটি নিৰ্মাণ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, ব্ৰহ্মপুত্ৰ খনন আদি কাম কৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্ছনা কৰিলে।

বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়া নৰেন্দ্ৰ মোডীয়ে ভাৰতবর্ষৰ মহিলা সকলক কিমান সন্মান দিছে সেয়াও আজি ভাবিব লগীয়া কথা বুলি কছাৰীয়ে উল্লেখ কৰে।

বিজেপিয়ে কোৱা ১০০ প্লাছক কটাক্ষ কৰি কছাৰীয়ে পুনৰ কয় যে বিজেপি দলে আজি যি ১০০ প্লাছৰ কথা কৈছে সেই ১০০ প্লাছ আমি দেখিবলৈ পাইছোঁ মচুৰ ডাইলৰ দামত, মিঠা তেলৰ দামত।  ১০০ প্লাছ হৈছেগৈ পেট্ৰ’লৰ মূল্যত বুলিও মন্ত্যৱ কৰে বিটিচিৰ প্ৰাত্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে।

সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস শ্লোগান দিয়া বিজেপি চৰকাৰে হিন্দু- মুছলমানৰ নামত ৰাজনীতি কৰিছে আৰু হিন্দু মুছলমানক ভাগ ভাগ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি বিশাল ৰাজহুৱা সভাখনত তেওঁ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বীৰ লাচিত বৰফুকনৰ কথা নজনা নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰক এইবাৰ উৎখাত কৰি কংগ্ৰেছ, বিপিএফ, এআইইউডিএফকে ধৰি মহাজোঁট বন্ধনে অসমত চৰকাৰ গঠন কৰাটো ১০০ শতাংশ নিশ্চিত।

সু শাসন দিয়াৰ প্ৰতিশ্ৰুতিৰে বিটিচিৰ শাসনলৈ অহা প্ৰমোদ বড়ো নেতৃত্বধীন ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটৰ চৰকাৰখনক কছাৰীয়ে সমালোচনা কৰি কয় যে সু শাসন দিয়াৰ নামত ইউপিপিএল নেতৃত্বাধীন বিটিচি প্ৰশাসনক ১৫ ৰ পৰা ২২ শতাংশ ধন ঘোচ দি আজি ঠিকাদাৰ বিলাকে ধন আদায় লবলগীয়া হৈছে।

তেওঁ কয়, শাসনত অহাৰ পূৰ্বে ইউপিপিএলে  নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া , আত্মসহায়ক গোটবোৰক ৭৫ হাজাৰ টকাকৈ অনুদান দিম বুলি মিছা প্ৰলোভন দিছিল। এই সকলোবোৰ কথা আজি ৰাইজে বুজি পাইছে। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁট চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ বিটিচিবাসীৰ লগতে তামুলপুৰবাসী ৰাইজ সাজু হৈছে।

বিটিচিত ১২খন আসনেই এইবাৰ কংগ্ৰেছ-বিপিএফ-এআইইউডিএফকে ধৰি বিভিন্ন দলৰ মহাজোঁট বন্ধনে লাভ কৰিব বুলিও তেওঁ দাবী কৰে।

সভাত উপস্থিত থাকি কংগ্ৰেছ নেতা মিত্ৰলাল শৰ্মাই ভাষণত বিজেপি চৰকাৰে মূল্যবৃদ্ধিৰে অসমৰ ৰাইজক কোঙা কৰা বুলি অভিযোগ আনি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু ৰাজ্যত উন্নয়নৰ স্বাৰ্থত মহাজোঁট সমৰ্থিত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায়।

সভাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীয়ে ভাষণ ৰাখি বিপিএফ ত্যাগ কৰি বিজেপিলৈ অহা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীক ক্ষুৰধাৰ সমালোচনা কৰে আৰু তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হ’লে তামুলপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

এই সভাতে বিজেপি দলৰ ৮ গৰাকী, ইউপিপিএল দলৰ ২০ গৰাকী আৰু গণ সুৰক্ষা পাৰ্টিৰ ২ গৰাকী সহ মুঠ ত্ৰিশ গৰাকী লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

উক্ত সভাতেই ৰমণী কুমাৰক সভাপতি, ধ্ৰুপতি পৌৰেলক কাৰ্যকৰী সভাপতি আৰু প্ৰতাপ চন্দ্ৰ ডেকাক মুখ্য সম্পাদক হিচাপে লৈ ৭১ জনীয়াকৈ শুক্লাই চেৰফাং ব্লক বিপিএফ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd