NORTHEAST NOW (Assamese)

সাংবাদিকৰ তৎপৰতাত বিশ্বনাথত ১৬ কাৰ্টন অবৈধ সুৰা জব্দ

March 12, 2019 6:26 pm · কাজি জেইদুল ইছলাম
ফাইল ফটো, নৰ্থ-ইষ্ট নাও

বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত শতাধিক লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা মৰ্মান্তিক ঘটনাৰ পিছতো ৰাজ্যৰ বিভন্ন ঠাইত বৰ্তমানেও অব্যাহত আছে অবৈধ সুৰাৰ প্ৰচলন। আজি বিশ্বনাথ জিলাৰ পূব জিনজিয়াৰ এৰাগাঙত সাংবাদিকৰ তৎপৰতাত বৃহৎ পৰিমানৰ অবৈধ সুৰাৰ কাৰ্টন উদ্ধাৰ কৰা হয়।

প্ৰাপ্ত তথ্য মতে স্থানীয় এটা সাংবাদিকৰ দলে এক গোপন সূত্ৰৰ পৰা এখন নেন’ গাড়ীত সুৰা আনি থকা বুলি গম পোৱাত নেন’ গাড়ীখনৰ অনুসৰণ কৰে। সাংবাদিকৰ দলে গাড়ীখনৰ অনুসৰন কৰি থকাৰ কথা গম পাই নেন’ৰ চালকে মূহুৰ্ততে গাড়ীখনৰ ভিতৰত থকা ১৬ কাৰ্টন সুৰাৰ বটল পথাৰলৈ দলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত সাংবাদিকৰ দলটোৱে জিনজিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পথাৰত পেলাই যোৱা ১৬ কাৰ্টন সুৰা জব্দ কৰে। সম্প্ৰতি আৰক্ষীয়ে সুৰা কঢ়িয়াই অনা চালকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে।

Related News