এ টি এম কাৰ্ড উন্নীত কৰাৰ আজি অন্তিম দিন; অন্যথা কাৰ্ড ব্লক হোৱাৰ সম্ভাৱনা

গ্ৰাম্যাঞ্চলৰ অসজাগ গ্ৰাহক ব্যৱস্থাটোৰ মাইগ্ৰেশ্যনৰ ভুক্তভোগী হ'ব পাৰে

EMV_ATM card

দুটা প্ৰযুক্তি মানৰ এ টি এম কাৰ্ডৰ নমুনা।

 

চিপৰ পৰিৱৰ্তে চম্বুকীয় পটি থকা পুৰণি এ টি এম কাৰ্ডবোৰ উন্নীত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বান্ধি দিয়া সময়সীমাৰ আজি (৩১ ডিচেম্বৰ) অন্তিম দিন। আজিৰ ভিতৰতে বেংকলৈ গৈ নিজৰ নিজৰ পুৰণি এ টি এম কাৰ্ডবোৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো নকৰিলে অসুবিধাত পৰিব পাৰে বেংকৰ গ্ৰাহক।

উল্লেখযোগ্য যে চুম্বকীয় পটিযুক্ত, কিন্তু চিপ (chip) নথকা সেই পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰক ক্লাছিক ডেবিট কাৰ্ড বা ষ্ট্ৰিপ-বেছড কাৰ্ড বুলি কোৱা হয়। ইয়াৰ বিপৰীতে নতুন মানৰ কাৰ্ডবোৰ হ’ল চিপ এণ্ড পিন বেছড কাৰ্ড, যিবোৰক ই এম ভি (EMV) কাৰ্ড বুলিও কোৱা হয়।

এই নতুন কাৰ্ডবোৰত contact-pad বুলি এটা সৰু চিপ আছে(সোণালী ৰঙৰ), য’ত গ্ৰাহকৰ সবিশেষ সংৰক্ষিত থাকে। আনহাতে পুৰণি প্ৰযুক্তিৰ কাৰ্ডবোৰত থাকে এটা মেগনেটিক পটি। পুৰণি কাৰ্ডবোৰৰ এই পটিটো সহজে ক্ল’নিং কৰিব পাৰি বাবে গ্ৰাহক ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। গতিকে ৰিজাৰ্ভ বেংকে অতি তৎকালীনভাৱে গ্ৰাহকক নতুন প্ৰযুক্তিৰ কাৰ্ড দিবলৈ বেংকবিলাকক নিৰ্দেশ দিছে।

ৰিজাৰ্ভ বেংকে এই পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰ নতুন মানলৈ উন্নীত কৰিবলৈ বেংকবোৰক অন্তিম সময় ধৰি দিছে। তাৰ ভিত্তিত বেংকবোৰে নতুন কাৰ্ড ল’বলৈ গ্ৰাহকক আহ্বান জনোৱাৰ লগতে উৎসাহিত কৰি আহিছে।

এছ বি আই-এ ইতিমধ্যে বিনামূলীয়াকৈ এই পুৰণি মানটোৰ পৰা নতুন মানবিশিষ্ট কাৰ্ডলৈ মাইগ্ৰেইশ্যনৰ এক সুযোগ আগ বঢ়াইছে।

মন কৰিব লগীয়া যে অসংখ্য গ্ৰাহকৰ এতিয়াও এই চুম্বকীয় পটিযুক্ত ক্লাছিক ডেবিট কাৰ্ডহে আছে। তুলনামূলকভাৱে নতুন গ্ৰাহকৰহে আছে ই এম ভি কাৰ্ড।

গতিকে যিসকল গ্ৰাহকৰ এতিয়াও এই চিপযুক্ত এ টি এম কাৰ্ডৰ পৰিৱৰ্তে পুৰণি প্ৰযুক্তিৰ কাৰ্ডহে আছে, আজিৰ ভিতৰত প্ৰছেচিং নকৰিলে অসুবিধাত পৰিব পাৰে। এনে কাৰ্ডেৰে ধন উলিওৱাত ব্যৰ্থ হ’ব পাৰে গ্ৰাহকজন। তাতকৈও ডাঙৰ কথা এনে কাৰ্ডবোৰ সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই ব্লক কৰি দিয়াৰ সম্ভাৱনাই দেখা দিছে।

বিশেষকৈ অসম, তথা উত্তৰ-পূবৰ লাখ লাখ অসজাগ গ্ৰাহক ব্যৱস্থাটোৰ মাইগ্ৰেশ্যনৰ বাবে ভুক্তভোগী হোৱাৰ সম্ভাৱনা আছে।

ইপিনে ইতিপূৰ্বে ষ্টেইট বেংক অব ইণ্ডিয়াই আজিৰ ভিতৰত এ টি এম কাৰ্ড উন্নীত কৰিলে বিনামূলীয়াকৈ এই মাইগ্ৰেইশ্যনৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে।