ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰসিদ্ধ কথাশিল্পী হোমেন বৰগোঁহাঞিৰ নশ্বৰ দেহৰ, শোকত ভাগি পৰিল গুণমুগ্ধ

Homen-Borgohain-last-rites

প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিৰ নশ্বৰ দেহৰ শেষকৃত্য আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়।

সম্পূৰ্ণ কোভিড প্ৰটোকল মানি আজি প্রথিতযশা কথাশিল্পীগৰাকীৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানলৈ অনা হয়।

ইয়াৰ পূৰ্বে প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ মৃতদেহ তেওঁৰ এসময়ৰ কৰ্মস্থলী ‘আমাৰ অসম’, ‘দ্য আছাম ট্ৰিবিউন’, ‘অসমীয়া প্ৰতিদিন’ আদিৰ কাৰ্যালয়ৰ লগতে সাহিত্যিকগৰাকীৰ শেহতীয়া কৰ্মস্থলী ‘নিয়মীয়া বাৰ্তা’ৰ কাৰ্যালয়লৈ নিয়া হয়।

কলাক্ষেত্ৰৰ বাকৰিতো বহুতে প্ৰয়াত সাহিত্যিকগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।নৱগ্ৰহ শ্মশানত আজি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হোমেন বৰগোঁহাইৰ মৃত্যু ৰাজ্যৰ সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি। অসমে আজি এজন অভিভাৱকক হেৰুৱালে বুলিও তেওঁ মন্তব্য কৰে।

আজি বৰগোঁহাঞিৰ মুখাগ্নি কৰে তেওঁৰ পুত্ৰই। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাহিত্যপ্ৰেমীৰ লগতে তেওঁৰ গুণমুগ্ধসকল।

উল্লেখ্য অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সম্পাদক হোমেন বৰগোহাঞিৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।

আজি পুৱা ৬.৫৮ বজাত অসমৰ বৰ্ষীয়ান বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে গুৱাহাটীৰ GNRCত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৮৮ বছৰ। স্মৰ্তব্য যে কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ বিশিষ্ট সাহিত্যকগৰাকী আৰোগ্য হৈ উঠিছিল যদিও তেওঁৰ স্বাস্থ্য পুনৰ অৱনতি ঘটে।

একেধাৰে সাহিত্যিক, সাংবাদিক, সম্পাদক আৰু যৌৱনৰ কালছোৱাত কবি হিচাপে খ্যাতি লাভ কৰা হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

প্ৰখৰ মেধাসম্পন্ন হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে।

১৯৫৮ চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিয়ে বিবাহপাশত আৱদ্ধ হয়। বৰগোহাঞি দুটি পুত্ৰ সন্তানৰ পিতৃ আৰু ১৯৭৭ চনত তেওঁ নিৰুপমা বৰগোহাঞিৰ পৰা পৃথক হয়।

সৰুৰে পৰা সাহিত্য চৰ্চাৰ প্ৰতি অনুৰক্ত হোমেন বৰগোহাঞিয়ে কটন কলেজত অধ্যনয়ৰত অৱস্থাতে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্প-কবিতাৰে লেখক জীৱন আৰম্ভ কৰি প্ৰসিদ্ধি লাভ কৰা হোমেন বৰগোঞাহিয়ে পিছলৈ সমসামিয়ক নিৱন্ধ আৰু জীৱনমূলক ৰচনাৰ সমান্তৰালভাৱে উপন্যাস লিখিবলৈও আৰম্ভ কৰে। অসমীয়া সাহিত্যৰ সমালোচক হিচাপেও কিছু দক্ষতাৰ পৰিচয় দিছিল যদিও পিছলৈ বৰগোহাঞিয়ে সেই ধাৰাৰ অব্যাহত নাৰাখিলে।

‘ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদিকে কৰি বৰগোহাঞিৰ কেবাখনো উপন্যাস প্ৰকাশ পায়।

১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি আত্মজীৱনীমূলক গ্ৰন্থও লিখি থৈ গৈছে হোমেন বৰগোহাঞিয়ে। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘হৈমন্তী’।

হোমেন বৰগোহাঞিৰ জীৱনৰ উৎকৰ্ষ সাধনমূলক আৰু বিভিন্ন বিষয়ক কেবাখনো ৰচনা সংকলন লিখি থৈ গৈছে। ইয়াৰ ভিতৰত গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা, কথা-বাৰ্তা, পাঠকৰ টোকাবহী, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদিয়ে প্ৰধান।

আজীৱন অসম সাহিত্য সভাৰ সমালোচকৰূপে চিহ্নিত হোমেন বৰগোহাঞিয়ে সকলোকে আচৰিত কৰি ২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়।

সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

‘বিংশ শতাব্দীৰ সন্ধানত’, সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আদি মূল্যৱান গ্ৰন্থও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল।

মোৰ সাংবাদিক জীৱন আৰু আশী দশকৰ দস্তাবেজত অসমৰ সেই সময়ৰ সমসাময়িক ৰাজনৈতিক ইতিহাসক বৰগোহাঞিয়ে নিজস্ব দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু বিশ্লেষণ কৰিলেও তেওঁ ৰাজনৈতিক স্থিতিক লৈ বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হৈ আহিছে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি অনুৰক্ত নোহোৱা বৰগোহাঞিৰ ৰাজনৈতিক স্থিতিকলৈ প্ৰশ্ন উত্থাপন হৈ আহিলেও গুণমুগ্ধ আৰু তেওঁৰ সমালোচকসকলক আচৰিত কৰি ২০১৫ চনত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰাৰ প্ৰতিবাদত সাহিত্য অকাডেমিৰ পুৰস্কাৰ ঘূৰাই দিছিল।

তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে সিঁচৰিত হৈ থকা তেওঁৰ গুণমুগ্ধসকল শোকত স্তব্ধ হৈ পৰিছে। সামাজিক মাধ্যমত বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ বাতিৰ বিয়পি পৰাৰ লগে লগে বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে অসমীয়া জাতীয়ে এগৰাকী অভিভাৱক হেৰুৱালে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, “অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে।”