NORTHEAST NOW (Assamese)

অসমত আজি কিমান লোক হ’ল কোভিডত আক্ৰান্ত, কিমানৰ মৃত্যু?

June 2, 2021 8:42 pm · এন ই নাও নিউজ

ৰাজ্যত আজি কোভিড পজিটিভিটিৰ হাৰ পাঁচ শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৬১ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৪১৭৮ গৰাকী লোক ।
আজি ১০২৯২২ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩৮৩

গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৪.০৬ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৬.৭০ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ অথবা ৫ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।

১৫ জুনৰ ভিতৰত অসমত কোভিড পৰিস্থিতিৰ উন্নতি ঘটিব বুলি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আহিছে।

Related News