মহানগৰীৰ জি এছ ৰোডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম লাঠীচালনা

‘কেব’ বিৰোধী প্ৰতিবাদৰ জোৱাৰ সমগ্ৰ ৰাজ্যতে। ‘কেব’ বিৰোধী এই ধাৰাবাহিক আন্দোলন-প্ৰতিবাদত অসমৰ সকলো দল-সংগঠনৰ লগতে স্বতঃস্ফূৰ্তভাৱেই সৰ্বস্তৰৰ ৰাইজ ওলাই আহিছে। এতিয়া ৰাজপথত কেৱল ‘কেব’ বিৰোধী আন্দোলন।

বিপৰীতে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে বাংলাদেশীক আনিব খোজা চৰকাৰ তথা প্ৰশাসনে এই প্ৰতিবাদক দমন কৰাৰ চেষ্টা চলাইছে। ‘কেব’ৰ বিৰুদ্ধে আজি কটন আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে গ্ৰহণ কৰিছিল দিছপুৰ চলো কাৰ্যসূচী।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদেৰে দিচপুৰ অভিমুখে আহি থকাৰ সময়তে মহানগৰীৰৰ এ বি চিত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে।

ফলত একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়িবলৈ লওঁতেই আৰক্ষীয়ে নিৰ্মম তথা বৰ্বৰভাৱে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠি চালনা কৰে।

আনকি আৰক্ষীৰ নিৰ্মম লাঠী চালনাৰ পৰা সাৰি নগ’ল ছাত্ৰীসকলো। আৰক্ষীৰ লাঠীৰ কোবত আহত হয় কেইবাগৰাকীও ছাত্ৰী।

আৰক্ষীৰ লাঠী চালনাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে “মৰি যাম কেব নামানো” বুলি হুংকাৰ দিয়ে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত গামোচা পাৰি প্ৰতিবাদ সাব্যস্ত কৰে।