‘আইন সকলোৰে বাবে সমান হোৱা উচিত’: পাণবজাৰ থানাত আলফা নেতা মৃণাল হাজৰিকা

ULfa leader mrinal hazarika at panbazar police station guwahati

পাণবজাৰ আৰক্ষী থানাৰ বাহিৰত মৃণাল হাজৰিকা। ছবি- নৰ্থ ইষ্ট নাও।

“আইন সকলোৰে বাবে সমান হোৱা উচিত”, অসম আৰক্ষীৰ নিজাববীয়া (suo moto) গোচৰত পাণবজাৰ থানাত হাজিৰ হৈ দেওবাৰে এই মন্তব্য কৰিছে আলফা নেতা মৃণাল হাজৰিকাই।

‘বিতৰ্কিত আৰু উত্তেজনামূলক’ মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ৰুজু কৰাৰ দৰে বিজেপি বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধেও আৰক্ষীয়ে কিয় গোচৰ তৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰিছে আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতাজনে।

“মোক মোৰ মন্তব্যৰ কাৰণে চমন জাৰি কৰিছিলে আৰু মই আজি ইয়াত হাজিৰ হৈছো। কিন্তু বহুবাৰ বিতৰ্কিত আৰু উত্তেজনামূলক মন্তব্য কৰাৰ পিছতো বিজেপি বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় একো গোচৰ ৰুজু কৰা নাই?” আইনৰ সমদৃষ্টি দাবী কৰি অসম আৰক্ষীক এই প্ৰশ্ন হাজৰিকাৰ।

‘বিতৰ্কিত’ মন্তব্যটো তেৱেঁই দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আলফা নেতাজনে। কিন্তু মন্তব্যটো স্বীকাৰ কৰিলেও বিধেয়কখনক লৈ অসমবাসীয়ে ‘জটিল’ সময়ৰ মুখামুখি হ’ব লাগিব বুলিও মত প্ৰকাশ কৰিছে আলফা নেতাজনে।

“যোৱা ২৪ অক্টোবৰত মই সেই মন্তব্য কৰাটো সঁচা। কিন্তু এইটো কথা ক’বই লাগিব যে নাগৰিকত্ব বিধেয়কখন যদি সংসদে গৃহীত কৰে, তেন্তে ৰাজ্যবাসীয়ে জটিল সময়ৰ মুখামুখি হ’ব লগীয়া হ’ব,” এই মত হাজৰিকাৰ।

লগতে পঢ়ক– এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

বিজেপি বিধায়ক শিলাদিত্য দেবে আলফাৰ বিৰুদ্ধে কৰি অহা ধাৰাৱাহিক মন্তব্যবোৰ অগ্ৰাহ্য কৰি হাজৰিকাই কয়, “শিলাদিত্য এটা বাংলাদেশী আৰু এটা বাংলাদেশীয়ে আলফা আৰু অসমৰ ইতিহাস কেনেকৈ জানিব?”

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ২৯৫ (এ’) আৰু ৫০৬ ধাৰাত ২৭ অক্টোবৰত নিজাববীয়াকৈ তৰা গোচৰ (৭২৮/২০১৮)ত যোৱা দেওবাৰে হাজৰিকালৈ চমন জাৰি কৰিছিল পাণবজাৰ আৰক্ষীয়ে। হাজৰিকাই  যোৱা ২৪ অক্টোবৰত বিধায়ক শিলাদিত্য দেবক সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক ‘গণহত্যা’ৰ দৰে পৰিস্থিতিৰ হুংকাৰ দিছিল।

সোধ-পোচৰ পিছতে আৰক্ষীয়ে আলফা নেতাজনক যাবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে দৰকাৰ হ’লে পৰৱৰ্তী সময়ত তেওঁক পুনৰ সোধা-পোচাৰ বাবে মতা হ’ব।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আলফাৰ প্ৰাসংগিকতা পুনৰ দোহাৰে ভাৰত চৰকাৰৰ সৈতে আলোচনাৰত নেতাজনে। “আলফা আছে বাবেহে অসমীয়া আৱেগটোক আজিলৈকে কোনো বহিৰাগতই জোকাবলৈ সাহ কৰিব পৰা নাই,” মন্তব্য আলফাৰ শক্তিশালী ২৮ নং বেটেলিয়নৰ কমাণ্ডেণ্টজনৰ।