ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আইন ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ

স্নাতক-স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখিন হৈ থকা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আইন ছাত্ৰ সন্থাই আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত আইন ছাত্ৰ সন্থাই উপাচাৰ্য্য গৰাকীক ৪০-৫০ দিনৰ শ্ৰেণীকোঠাৰ পাঠদান সম্পন্ন কৰিহে ষান্মসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

বৰ্তমান সময়ত কোভিড-১৯ এ সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকল গভীৰ অনিশ্চয়তাত ভুগি আছে।

সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আজি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে সন্মুখিন হোৱা কেইটামান সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে সমস্যাসমূহৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই।

স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰে হোৱা কথা-বতৰাত সন্থাৰ মুখ্য কাৰ্য্য নিৰ্বাহক মৃন্ময় কলিতাই কয়, ‘বৰ্তমান চলি থকা ষান্মসিকৰ আৰম্ভণিতে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহ বন্ধ হৈ পৰে যদিও অ’নলাইন পদ্ধতিৰে পাঠদান চলি আছে। কিন্তু এই শিক্ষা পদ্ধতিয়ে সকলো প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰাত ব্যৰ্থ হৈছে।‘

সেয়েহে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত সজাগতা অৱলম্বন কৰি ৪০-৫০ দিনৰ শ্ৰেণীকোঠাৰ পাঠদান সম্পন্ন কৰিহে ষান্মসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক দাবী জনায়।

ইয়াৰোপৰি, বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশমৰ্মে সকলো মহাবিদ্যালয়কে সামৰি এখন কোভিড-১৯ কোষ অতিশীঘ্ৰে গঠন কৰিবলৈ দাবী জনোৱা বুলিও কলিতাই আমাক জনায়।

উল্লেখযোগ্য যে, সন্থাৰ সভাপতি সঞ্জীৱ বৰা,সাধাৰণ সম্পাদক চামচুল হক, উপ-সভাপতি দেৱাশীষ মেধি আৰু মুখ্য কাৰ্য্যনিৰ্বাহক মৃন্ময় কলিতাৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ লকডাউন চলি থকাৰ বাবে ই-মেইলযোগে প্ৰেৰণ কৰে।