আজৱ ঘটনা! সংসদৰ ভিডিঅ’ কনফাৰেন্সত উলংগ হৈ ধৰা দিলে এজন সাংসদে, ক’ত?

উলংগ ৰূপত দেখা পোৱা গ’ল এজন জনপ্ৰতিনিধিক।

বুধবাৰে কানাডাৰ সংঘটিত হৈছে এই আজৱ ঘটনা।

দেশখনৰ নিম্ন সংসদ ‘হাউচ অৱ কমনচ’ৰ এক ভাৰ্চুৱেল বৈঠকত এজন সংসদে সম্পূৰ্ণ উলংগ ৰূপত নিজকে ধৰা দিয়ে।

কানাডিয়ান সংবাদ মাধ্যমে লাভ কৰা বৈঠকখনৰ ভিডিঅ’ৰ পৰা সংগৃহিত এটা স্ক্ৰীণশ্বটত দেখা পোৱা গৈছে যে তেওঁ কানাডা আৰু নিজা সমষ্টিৰ পতাকাৰ মাজতে থিয় হৈ আছে।

স্ক্ৰীণশ্বটটোত দেখা পোৱা মতে, তেওঁৰ শৰীৰৰ ব্যক্তিগত অংশসমূহ তেওঁৰ সোঁহাতখনেৰে ঢাক খাই আছে আৰু হাতখনে এটা ক’লা ৰঙৰ মোবাইল ফোন ধৰি আছে।

সাংসদজনৰ নাম উইলিয়াম আম’ছ।

২০১৫ চনৰ পৰা তেওঁ কুৱেবেক জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে।

এই আজৱ কাণ্ডটো সংঘটিত হোৱাৰ পাছতে সাংসদজনে এটা ইমেইলযোগে স্পষ্টিকৰণ প্ৰদান কৰিছে।

”এইটো এটা দুৰ্ভাগ্যজনক ভ্ৰান্তি।”- তেওঁ কয়।

তেওঁ কয় যে জগিং (jogging) কৰি অহাৰ পাছত তেওঁ কাপোৰ সলাবলৈ লওঁতেই তেওঁৰ ভিডিঅ’ৰ চুইছটো আকস্মিকভাৱে অন হৈ যায়, যাৰ ফলত এই কাণ্ড সংঘটিত হ’বলৈ পালে।

এই অনাকাংক্ষিত ঘটনাৰ বাবে তেওঁ হাউচ অৱ কমনছৰ সকলো সহকৰ্মীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা কৰিছে।

তেওঁ কয় যে এনেধৰণৰ ঘটনা তেওঁ আৰু সংঘটিত নকৰে।

সাংসদজনক এই ক্ষমাপ্ৰাৰ্থনাৰ পাছতে তেওঁৰ দল ‘লিবাৰেল পাৰ্টি’ৰ সতীৰ্থ সাংসদ মাৰ্ক হল্লাণ্ডে কয় যে ঘটনাটোক লৈ উইলিয়ামছ আমছে দিয়া স্পষ্টীকৰণটোক লৈ তেওঁ সন্তুষ্ট।

”মই নাভাবো যে ইয়াৰ অন্তৰালত এটা অসৎ উদ্দেশ্য আছে। নিশ্চিতভাৱে ই এটা দুৰ্ভাগ্যজনক পৰিস্থিতি।”- হল্লাণ্ডে কয়।

ঘটনাটোক কেন্দ্ৰ কৰি হাউচ অৱ কমনছৰ অধ্যক্ষ এণ্ঠনী ৰটাই সাংসদকসকলক সোঁৱৰাই দিয়ে যে কেমেৰা আৰু মাইক্ৰোফোনৰ কাষত থকাৰ সময়ছোৱাত যাতে তেওঁলোক সতৰ্ক হৈ থাকে।