সুখবৰ! অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া

ঘোষণা হ'ল ক্ৰীড়াক্ষেত্ৰৰ সন্মানীয় পুৰস্কাৰ বিজয়ীৰ নাম, চাওক সম্পূৰ্ণ তালিকা

Arjuna Award Nayan Moni Saikia

ৰাজ্যৰ ক্ৰীড়া জগতলৈ আন এক সন্মান। বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ এগৰাকী মহিলা খেলুৱৈয়ে পুনৰ এবাৰ গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যক। সোমবাৰে ঘোষণা কৰা চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনীত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ লন বল খেলুৱৈ নয়নমণি শইকীয়াই।

বাৰ্মিংহামত ইতিহাস ৰচি কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ নয়নমণি শইকীয়া অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত লন বলৰ মহিলাৰ শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল। খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল।

নয়নমণি শইকীয়া সন্মানীয় অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ব। তেওঁৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোঁহায়ে অৰ্জুন বঁটা লাভ কৰিছিল।

অৰ্জুন বঁটাৰ লগতে দেশৰ যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে ২০২২ বৰ্ষৰ দেশৰ অন্য সন্মানীয় ক্ৰীড়া বঁটাসমূহো ঘোষণা কৰে। অহা ৩০ নৱেম্বৰত নতুন দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈসকলক এই সন্মানীয় বঁটা সমূহ প্ৰদান কৰিব।

নয়নমণিসহ দেশৰ ২৫ গৰাকী খেলুৱৈক চলিত বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত কৰা হ’ব। আনহাতে দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিছে টেবুল টেনিছ কিংবদন্তী অচন্ত শৰথ কমলে। উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তাৰকাগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

সন্মান লাভ কৰা ক্ৰীড়াবিদসকলৰ তালিকাঃ

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাঃ অচন্ত শৰথ কমল

অৰ্জুন বঁটাঃ সীমা পুনিয়া (এথলেটিকছ), এল্ডহ’জ পল (এথলেটিকছ), অভিনাশ মুকুন্দ চাবলে (এথলেটিকছ), লক্ষ্য সেন (বেডমিণ্টন), এইচ এছ প্ৰণয় (বেডমিণ্টন), অমিত (বক্সিং), নিখাট জাৰীন (বক্সিং), ভক্তি প্ৰদীপ কুলকাৰ্নী (দবা), আৰ প্ৰজ্ঞানান্ধা (দবা), দীপ গ্ৰেচ এক্কা (হকী), সুশীলা দেৱী (জুডো), সাক্ষী কুমাৰী (কাবাড্ডী), নয়ণমণি শইকীয়া (লন বল), সাগৰ কৈলাশ অভালকাৰ (মল্লখাম্ব), এলেভেনিল ভালভাৰিয়ান (শ্বুটিং), ওমপ্ৰকাশ মিথাৰ্ভাল (শ্বুটিং), শ্ৰীজা আকুলা (টেবল টেনিছ), বিকাশ ঠাকুৰ (ৱেইটলিফ্টিং), অংশু (মল্লযুঁজ), সৰিতা (মল্লযুঁজ), পাৰৱীন (উশ্বু), মানসী গিৰিচন্দ্ৰ যোশী (পাৰা বেডমিণ্টন), তৰুণ ধিলন (পেৰা বেডমিণ্টন), স্বপ্নীল সঞ্জয় পাটিল (পেৰা চুইমিং), জাৰ্লিন অনিকা জে (মূক-বধিৰ বেডমিণ্টন)।

দ্ৰোণাচাৰ্য বঁটাঃ জীৱনজ্যোৎ সিং তেজা (আৰ্চাৰী), মহম্মদ আলি কামাৰ (বক্সিং), সুমা সিদ্ধাৰ্থ শ্বিৰুৰ (পেৰা শ্বুটিং), সুজিত মান (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ বঁটাঃ দীনেশ জৱাহৰ লাড (ক্ৰিকেট), বিমল প্ৰফুল্ল ঘোষ (ফুটবল), ৰাজ সিং (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ ধ্যানচান্দ বঁটাঃ অশ্বিনী অক্কুঞ্জী চি (এথলেটিকছ), ধৰমবীৰ সিং (হকী), বি চি সুৰেশ (কাবাড্ডী), নীৰ বাহাদুৰ গুৰুং (পেৰা এথলেটিকছ)।

ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰঃ ট্ৰান্সষ্টাডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, কলিংগ ইনষ্টিউট অৱ ইণ্ড্ৰাষ্ট্ৰিয়েল টেকন’ল’জী, লাডাখ স্কাই এণ্ড স্ল’ব’ৰ্ড এচ’চিয়েছন।

মৌলানা আবুল কালাম আজাম ট্ৰফীঃ গুৰু নানক দেৱ ইউনিভাৰ্চিটি, অমৃতসৰ।